কামৰূপ, 11 মে' : কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত সীমাক লৈ পুনৰ উত্তেজনা ৷ অসম চৰকাৰৰ পথ নিৰ্মাণত মেঘালয়ৰ নাগৰিকে বাধা প্ৰদানক লৈ সৃষ্টি হয় এই পৰিস্থিতি ৷ শেহতীয়াকৈ অসমৰ মাটিত নিৰ্মাণ হৈ থকা এটি পথৰ বাবে ব্যৱহাৰ হোৱা শিল-বালি আধা অংশ মেঘালয়ৰ এটি পথেৰে সৰবৰাহ কৰিব লগা হোৱাত ঠিকাদাৰৰ যান-বাহনৰ পৰা মেঘালয়ৰ নাগৰিকে বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বলপূৰ্বক ধন সংগ্ৰহক লৈ ক্ষুব্ধ হৈ পৰা অসমৰ বাসিন্দাসকলে মাইকেল ৱাজীৰী নামৰ মেঘালয়ৰ এজন ব্যক্তিৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ লগতে লণ্ডভণ্ড কৰে মাইকেলৰ ঘৰ ৷ উত্তেজনা অধিক বৃদ্ধি পোৱাত মাইকেল নামৰ লোকজনে অসমৰ বহু কেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।
পথ নিৰ্মাণক লৈ অসম-মেঘালয় সীমান্তত উত্তেজনা - অসম
অসম চৰকাৰৰ পথ নিৰ্মাণ কাৰ্যত মেঘালয়ৰ নাগৰিকৰ বাধা । দীৰ্ঘদিনৰ পৰাই পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত সীমা বিবাদক লৈ চলি আহিছে উত্তেজনা ৷
ইপিনে ঘটনা সন্দৰ্ভত শনিবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি অসম মেঘালয়ৰ সীমান্তৱৰ্তী ভালাখোৱা গাঁৱত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । অসমৰ মাটিত পথ নিৰ্মাণক লৈ মাইকেল নামৰ ব্যক্তিজনৰ কোনো আপত্তি নাই বুলিও লিখিতভাৱে বিধায়কগৰাকীক জনাইছিল বুলি অৱগত কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । তাৰ পিছতো ব্যক্তিজনৰ এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে আৰু অসম মেঘালয় সীমান্তৱৰ্তী সমূহ ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনায় ।
উল্লেখ্য যে, মাইকেল ৱাজীৰী নামৰ মেঘালয়ৰ ৭৮ বছৰীয়া লোকগৰাকীয়ে বিভিন্ন সময়ত অসমৰ বাসিন্দা সকলক নানা ধৰণৰ ভয়-ভাবুকি দি অহাৰ লগতে মেঘালয় সীমান্তৱৰ্তী অসমত যিকোনো উন্নয়নমূলক কাম কৰিলেই ধন দাবী কৰাৰ লগতে পথচাৰীৰ পৰাও দাবী ধমকিৰে ধন সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ আছে লোকজনৰ বিৰুদ্ধে ৷