মিৰ্জা, ৪ মাৰ্চ : আজি মহাশিৱৰাত্ৰি । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে শিৱৰ আৰাধনাত বুৰ গৈছে অগণন ভক্ত।
মিৰ্জাত মহাশিৱৰাত্ৰিৰ আয়োজন - ইটিভি অসম
সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া কোকঝাৰ বেলৰতল শিৱ মন্দিৰত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিৱপূজা ।

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ দক্ষিণ কামৰূপতো ৰাতিপুৱাৰে পৰা শিৱ আৰাধনাত মগ্ন হৈছে ৰাইজ । মিৰ্জাৰ কোকঝাৰ স্থিত বেলৰতল শিৱ মন্দিৰত শিৱৰ আশীষ বিচাৰি ৰাতিপুৱাৰে পৰা ভিৰ কৰিছেহি অসংখ্য ভক্তই । ধূপ-ধুনা,চাকি-বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে শিৱক আৰাধনা কৰিছে ভক্তসকলে ।
সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া কোকঝাৰ বেলৰতল শিৱ মন্দিৰত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিৱপূজা । শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি অঞ্চলবাসীয়ে সোমবাৰে ৰাতিপুৱা উলিয়াইছে এক শোভাযাত্ৰা। অঞ্চলবাসীৰ লগতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে পলাশবাৰীৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই।