ৰঙিয়া,11 এপ্ৰিল : শনিবাৰে অহা এজাক প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ৰঙিয়াৰ বিভিন্ন অঞ্চল ৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁৱত ধুমুহা জাকে সংহাৰী ৰূপ ধাৰণ কৰি উৰুৱাই নিলে বহু পৰিয়ালৰ বাসগৃহ ৷ অঞ্চলটোৰ মুৰাৰা,হালিকুছি, তুলসীবাৰীকে আদি কৰি বিভিন্ন অঞ্চলত প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বহু লোকৰ ঘৰ দুৱাৰৰ লগতে গছ-গছনি উভালি পৰে ।
প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ৰঙিয়াৰ বহুকেইখন গাঁও - সংহাৰী ধুমুহা
প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ৰঙিয়াৰ বিভিন্ন অঞ্চল ৷ শনিবাৰে অহা সংহাৰী ধুমুহাজাকত ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁৱত বহু পৰিয়ালৰ বাসগৃহ উৰুৱাই নিয়াৰ লগতে বিদ্যুতৰ খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা স্তব্ধ হৈ পৰে ৷
প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ৰঙিয়াৰ বহুকেইখন গাঁও
বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে বিদ্যুতিক তাঁৰ চিঙি যোৱাৰ বাবেই দীৰ্ঘ সময়লৈ অঞ্চলটোত বিদ্যুৎ সেৱা স্তব্ধ হৈ পৰে ৷ আনফালে, প্ৰৱল বৰষুণৰ বাবে ঘৰ-বাৰীৰ ক্ষতি হোৱাত মূৰে কপালে হাত দিছে ৰাইজে ৷
লগতে পঢ়ক:দিছপুৰলৈকে শিপা মেলিছে ব্ৰইলাৰ চিণ্ডিকেটে : আৰক্ষীৰ হাতত বিস্ফোৰক তথ্য