ৰঙিয়া, 13 ছেপ্টেম্বৰ :এটা ভাইৰেল ভিডিঅ’( viral video )ৰ বাবেই ৰঙিয়াৰ এগৰাকী স্কুলীয়া ছাত্ৰই বাচি ল’লে আত্মহননৰ ( suicide of a school boy) পথ ৷ উক্ত ভাইৰেল ভিডিঅ’টোৰ সংক্ৰান্তত মিছাতে দাবী-ধমকি খাই ৰঙিয়াৰ উদিয়ানাৰ ছাত্ৰজনে এই চৰম সিদ্ধান্ত লোৱা বুলি অভিযোগ উঠিছে । ঘৰৰ পিছফালে গছত চিপ লৈ আত্মহত্যা কৰিলে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে ।
জানিব পৰা ঘটনা মতে, মাত্ৰ কিছুদিন পূৰ্বে নিহত ছাত্ৰ জনৰ বন্ধু আৰু এগৰাকী যুৱতীৰ এটি ভিডিঅ’ ভাইৰেল হৈছিল । ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে যুৱতী গৰাকীৰ আত্মীয়ই যুৱতীগৰাকীৰ সৈতে ভিডিঅ’টোত থকা বন্ধুজনৰ লগতে নিহত দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক বিভিন্ন ধৰণে দাবী ধমকি দিছিল । স্বাভাৱিকতেই এনে দাবী ধমকিৰ ফলত ছাত্ৰজন ভীতিগ্ৰস্ত হৈ পৰা বুলিও বহুজনে মন্তব্য প্ৰকাশ কৰিছে ৷