গুৱাহাটী, 8 জুন: অৱশেষত মুকলি আকাশৰ তললৈ মহম্মদ সোনা উল্লাহ । গুৱাহাটী উচ্চ ন্যায়লয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে পোনে পোনে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যলয়লৈ আহিল সোনা উল্লাহ ৷ স্বাস্থ্য পৰীক্ষাৰ লগতে যাৱতীয় নথি-পত্ৰ তথা কাম কাজ সম্পন্ন হোৱাৰ পিছত পৰিয়ালৰ লোকক গটাই দিয়ে কামৰূপ আৰক্ষীয়ে ।
10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ - ডিটেঞ্চন কেম্প
মুকলি আকাশৰ তলত মহম্মদ সোনা উল্লাহ ৷ ৰাইজ, সংবাদ মাধ্যম, গুৱাহাচী উচ্চ ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন ৷
10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ
লগতে পঢ়ক: মুকলি আকাশৰ তলত সোণা উল্লাহ
মুকলি আকাশৰ তললৈ আহিয়েই ৰাইজ, সংবাদ মাধ্যম, গুৱাহাচী উচ্চ ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া সোনা উল্লাহক বিদেশী ঘোষণা কৰি ডিটেনচন কেম্পত বন্দী কৰি হৈছিল ৷