ৰঙিয়া,7 নৱেম্বৰ: ফেচবুক গ্ৰুপ 'আমাৰ ৰঙিয়া আমাৰ গৌৰৱ'ৰ ব্যতিক্ৰম পদক্ষেপ ৷ ৰঙিয়াত এটি বিধ্বস্ত পথ মেৰামতি কৰিলে 'আমাৰ ৰঙিয়া আমাৰ গৌৰৱ' নামৰ এটা ফেচবুক গ্ৰুপটোৱে ৷ চাৰি মাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা ৰঙিয়া মহকুমাধিপতি পথটো যাতায়তৰ বাবে বিপজ্জনক হৈ পৰিছিল ৷ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰিছিল যদিও পথটো মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷
জৰাজীৰ্ণ পথ মেৰামতি কৰিলে ফেচবুক গ্ৰুপৰ সদস্যই
ৰঙিয়াত এটি বিধ্বস্ত পথ মেৰামতি কৰিলে ফেচবুক গ্ৰুপৰ সদস্যই ৷ 'আমাৰ ৰঙিয়া আমাৰ গৌৰৱ' নামৰ জনপ্ৰিয় ফেচবুক গ্ৰুপৰ একাংশ সদস্যই ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ কৰি মেৰামতি কৰে পথটো ৷
জৰাজীৰ্ণ পথ মেৰামতি কৰিলে ফেচবুক গ্ৰুপৰ সদস্যই
তাৰ পাছত 'আমাৰ ৰঙিয়া আমাৰ গৌৰৱ' নামৰ জনপ্ৰিয় ফেচবুক গ্ৰুপৰ একাংশ সদস্যই এই বিধ্বস্ত পথটো মেৰামতি কৰাৰ বাবে ৰাইজৰ সহায় বিচাৰে ৷ হাতত দান পাত্ৰ আৰু বেনাৰ লৈ গ্ৰুপটোৰ সদস্যসকলে ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ কৰি পথটো মেৰামতি কৰে ৷ তেওঁলোকৰ এনে পদক্ষেপক সলাগ লয় স্থানীয় ৰাইজে ৷ শোচনীয় পথটো মেৰামতি কৰাৰ বাবে ৰাইজেও তেওঁলোকক সঁহাৰি জনায় ৷ শনিবাৰে সন্ধিয়ালৈ গ্ৰুপটোৰ যুৱক-যুৱতীসকলে পথটো মেৰামতি কৰি উলিয়াই ৷
লগতে পঢ়ক:বিশেষভাৱে সক্ষম দহ গৰাকী মডেলৰ সুন্দৰতাৰ এক অৱলোকন