বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ
পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নিজ গাও পঞ্চায়তৰ লোকেই ।
পলাশবাৰী,15 জুলাইঃ এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এইসকল পুৰুষ-মহিলাই । পলাশবাৰী বিধাসভা সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক কলিতাৰ ঘৰৰ ওচৰৰ একাংশ ৰাইজে । কাৰণ বিধায়ক কলিতাৰ ঘৰৰ ওচৰৰ এটা পথৰ দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ । পথ নহয় যেন খেতিপথাৰহে । পথচোৱা দেখিলো হয়টো আপুনিও এবাৰ ভাবিব এয়া খেতিপথাৰ নে পথ ! হয়, এই পথচোৱা হৈছে দক্ষিণ কামৰূপৰ ৰঙামাটিৰ । পলাশবাৰী বিধানসভা সমষ্টিৰ ৰঙামাটি বাকাৰাপাৰা নতুন লক্ষীটাৰী নামৰ এই পথটোৰে এতিয়া নাহে কোনো যান-বাহন কিয়ণো পথচোৱা অৱস্থাৰ ইমানে অসুচনীয় যে আপুনি হয়টো দেখি অনুমান কৰিব পাৰিছে । প্ৰায় ৩০০ ঘৰ মানুহে দৈনিক অহা যোৱা কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব লগা লৈছে ৰাইজে । বিধায়কৰৰ ঘৰৰ নিচেই ওচৰৰ তথা বিধায়কৰ নিজ পঞ্চায়ত ১১৩ নং বাড়ন্তী মণীয়েৰি পাৰাকুছি গাও পঞ্চায়তৰ অন্তৰ্গত নতুন লক্ষীটাৰীৰ এই পথটোৰ দুৰৱস্থাৰ বাবে ওলাই আহিল আহিল ৰাইজ আৰু পথটোত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ।