অসম

assam

By

Published : Feb 22, 2021, 12:48 PM IST

ETV Bharat / state

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়াবহ পথ দুৰ্ঘটনা

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ ফালৰ পৰা আহি থকা পাচলি কঢ়িওৱা এখন টাটা মেজিক সৈতে মুখামুখি সংঘৰ্ষ হয় এখন নম্বৰ প্লেট বিহীন স্কুটীৰ । এই পথ দুৰ্ঘটনাত গুৰত্বৰভাৱে আহত হয় শিশুসহ সাত গৰাকী ব্যক্তি ৷

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়াবহ পথ দূৰ্ঘটনা
বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়াবহ পথ দূৰ্ঘটনা

বকো, 22 ফেব্ৰুৱাৰীঃ দেওবাৰে নিশা বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত গুৰত্বৰ ভাৱে আহত হয় শিশুসহ সাত গৰাকী ব্যক্তি ৷ গুৱাহাটীৰ ফালৰ পৰা আহি থকা পাচলি কঢ়িওৱা AS01 MC 5864 নম্বৰৰ এখন টাটা মেজিক সৈতে মুখামুখি সংঘৰ্ষ হয় এখন নম্বৰ প্লেট বিহীন স্কুটীৰ । যাৰ ফলত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো ৷

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়াবহ পথ দুৰ্ঘটনা

ঘটনাস্থলীত লগে লগে বকো আৰক্ষী উপস্থিত হৈ আহত লোক সকলক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, আহত কেইজন ক্ৰমে ভৱেন চন্দ্ৰ দাস (১০ বছৰ), গাড়ীৰ চালক বিষ্ণু চেত্ৰী (৪০ বছৰ), বিমলা ৰাভা (৪৫ বছৰ), জগন্নাথ চৌধুৰী (৫০ বছৰ), সুনতি তামুলী (৬০ বছৰ) আৰু স্কুটীৰ চালক আৰু আৰোহী ক্ৰমে ঘনশ্যাম কছাৰী (২৫ বছৰ) আৰু নৱজিৎ ৰাভা (২১ বছৰ) বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুবি দলঙত সংঘটিত হোৱা এই দুৰ্ঘটনাত স্কুটিত থকা যুৱকদ্বয় আৰু গাড়ীৰ চালকৰ অৱস্থা সংকটজনক বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, যুৱকদ্বয়ৰ ঘৰ বকোৰ জাৰাপাৰাত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃকুশলে আছে কুইপ’ৰ দুই বিষয়া : পৰেশ বৰুৱা

ABOUT THE AUTHOR

...view details