অসম

assam

By

Published : Apr 26, 2020, 5:17 PM IST

ETV Bharat / state

লক ডাউন 2.0 : সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

দেশত চলি থকা লক ডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ লগতে জীৱ-জন্তুবোৰেও খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগিছে ৷ চৰকাৰে দৰিদ্ৰ লোকসকলক বিভিন্ন আঁচনিৰ দ্বাৰা সহায় আগবঢ়োৱাৰ বিপৰীতে সহৃদয়বান লোকে পাৰ্যমানে জীৱ-জন্তু আৰু পক্ষীকুলৰ বাবে খাদ্যৰ যোগান ধৰি আছে ৷ তাৰোপৰি সাহাৰ্য বিতৰণৰ নামক একাংশ উচ্চপদস্থ বিষয়াই দুৰ্নীতি কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?
সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

গুৱহাটী, 26 এপ্ৰিল : গুৱাহাটীৰ সোণাপুৰত চি আৰ পিএফ বাহিনীৰ 128 বেটেলিয়নে ষষ্ঠবাৰৰ বাবে 3 শতাধিক দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে খাদ্য সামগ্ৰী,চেনিটাইজাৰ,মাস্ক আৰু মধ্যাহ্ন ভোজন ৷ ইতিমধ্যে বেটেলিয়নটোৱে সোণাপুৰৰ উৰল,কমলা জাৰি,ফাটগাঁও,গজাইগাঁও আদি অঞ্চলৰ দৰিদ্ৰ ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰে । সাহাৰ্য বিতৰণৰ সময়ত উপস্থিত থাকে চিআৰপিএফ বেটেলিয়নটোৰ কমাণ্ডাৰ সুৰজিৎ কুমাৰ অত্ৰি,উপ-কামাণ্ডাৰ বি এচ যাদৱ প্ৰমুখ্যে অন্যান্য বিষয়াসকল ৷

সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰতো চি আৰ পি এফৰ 156 বেটেলিয়নৰ সামগ্ৰী বিতৰণ ৷ অঞ্চলটোৰ দৰিদ্ৰ লোকসকললৈ খাদ্য সামগ্ৰী বিতৰণ কৰে বেটেলিয়নটোৰ কমাণ্ডাৰ ৰবি মুণ্ডাই ৷ একেদৰে জিলাখনৰ ঢালিগাঁৱৰ ছাতিপুৰ আৰু হাস্ৰাউবাৰী অঞ্চলত বঙাইগাঁও তেল শোধনাগাৰত কৰ্মৰত কোম্পানীৰ আৰচিএম গুনিত দেউৰীয়ে দৰিদ্ৰসকললৈ সাহাৰ্য বিতৰণ কৰে ৷

সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

আমিনগাঁওঃ মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰসমূহ বন্ধ ৰখাৰ ফলত মন্দিৰ কৰ্তৃপক্ষই কপিকুলৰ বাবে যোগান ধৰিব পৰা নাই খাদ্য-সামগ্ৰী৷ তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চৌহদত থকা কপিকুলৰ মাজত খাদ্য সংকটৰ বাবে এতিয়া হাহাকাৰময় পৰিৱেশ ৷ এই সময়ছোৱাতে ভোকাতুৰ কপিকুলসমূহক খাদ্য যোগান ধৰিবলৈ আগবাঢ়ি আহে এগৰাকী আঞ্চলিক বন বিষয়া পংকজ কলিতাই ৷ লক ডাউনৰ পৰৱৰ্তী সময়ছোৱাতো বিষয়াগৰাকীয়ে মন্দিৰৰ কপিকুল আৰু পাৰ চৰাইসমূহক খাদ্য-যোগান ধৰাৰো দিয়ে প্ৰতিশ্ৰুতি দিয়ে বন বিষয়াগৰাকীয়ে ।

সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

গোলাঘাটঃ আনহাতে গোলাঘাটত মহামাৰী কৰ'ণাৰ বাবে সেৱা আগবঢ়োৱা স্বাস্থ্য বিভাগৰ চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীলৈ বিশেষ সম্বৰ্ধনা ৷ গোলাঘাট জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত বিভাস চন্দ্ৰ মোদী,অতিৰিক্ত উপায়ুক্ত উদয় প্ৰবীন,স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৌফিক হুছেইন,গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ উত্তম দত্ত, এন,এইচ,এমৰ বিষয়াসকল উপস্থিত থাকি গামোচা, স্মাৰক পত্ৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায় স্বাস্থ্য কৰ্মীসকলক ৷ উল্লেখ্য যে, সম্বৰ্ধনা জনোৱা 3 জন চিকিৎসক, নাৰ্চ,লেব’ৰেটৰী সহায়ক আৰু স্বাস্থ্য কৰ্মীকে ধৰি 17 জনে আইচ’লেশ্যন ৱাৰ্ডত থকা 9 জন ক'ৰনা আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াইছে বুলি জানিব পৰা গৈছে .

সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

উত্তৰ গুৱাহাটীঃ ইফালে দৰিদ্ৰ জনতাৰ বাবে প্ৰদান কৰা সাহাৰ্যতো লোভ সামৰিব পৰা নাই একাংশ দুৰ্নীতিগ্ৰস্ত লোকে ৷ উত্তৰ গুৱাহাটীৰ লেঙাত চৰকাৰে সাহাৰ্য হিচাপে প্ৰদান কৰা 6000 টকাত হাতোৰা লগাইছে চৰকাৰী গাঁওবুঢ়াই । গাঁওখনৰ গাঁওবুঢ়া কপিল দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ প্ৰকৃত কৃষকক বঞ্চিত কৰি ঘৰৰ সদস্যৰ মাজতে কৰা ধন বিতৰণকলৈ উত্তাল হ’ল লেঙা, যাৰ বাবে লক ডাউন উপেক্ষা কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে লেঙাবাসীয়ে ৷ কিন্তু ৰাইজৰ অভিযোগৰ বিপৰীতে গাঁওবুঢ়া কপিল দাসৰ আনলৈহে আঙুলি দেখুৱাইছে বুলি জানিব পৰা গৈছে ৷

সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

লগতে পঢ়ক : "টীম আছাম" হৈ সেৱা আগবঢ়াইছে চৰকাৰে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ABOUT THE AUTHOR

...view details