কামৰূপ,17 নৱেম্বৰ: মহামাৰী কৰ'ণাই সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱাৰ বাবেই ম্লান পৰিছে উৎসৱ উদযাপনৰ উচাহ ৷ মানুহৰ মাজতো নাই পূৰ্বৰ দৰে আনন্দ-উচাহ ৷ ৰাজ্যত দুৰ্গা পূজাৰ দৰে এইবাৰৰ ৰাস মহোৎসৱতো নাথাকিব পূৰ্বৰ দৰে আনন্দ-উচাহ ৷ নলবাৰীৰ পাছতে দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ কমিটিৰ সিদ্ধান্ত মহামাৰী কৰ'ণাৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ'ব ৰাস মহোৎসৱ ৷
পূৰ্বতে সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছিল যদিও এইবাৰ মাত্ৰ এদিনীয়া কাৰ্যসূচীৰে ৰাস অনুষ্ঠিত কৰাৰ লগতে মানি চলা হ'ব ক'ভিড প্ৰট'কল| কৰ'ণা মহামাৰীৰ বাবে কেৱল ধৰ্মীয় কাৰ্যসূচীৰে এদিনৰ বাবে ৰাসৰ আয়োজন কৰাৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ ৰাস অনুষ্ঠিত কৰাৰ সিদ্ধান্তক স্থানীয় ৰাইজেও সঁহাৰি জনাইছে ৷