গুৱাহাটী, 10 নৱেম্বৰ: দেওবাৰে গুৱাহাটী মাছখোৱাৰ ITA চেণ্টাৰত"ভাৰতবৰ্ষৰ আদালতসমূহ অতীতৰ পৰা বৰ্তমানলৈ"শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷
দেওবাৰে দিনত দিল্লীৰ পৰা বিমানযোগে গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ । কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিমানবন্দৰৰ পৰা লৈ অহা হয় মুখ্য ন্যায়াধীশগৰাকীক । ৰঞ্জন গগৈক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীকে ধৰি আৰক্ষী প্ৰশাসনৰ বহুতো উচ্চ-পদস্থ বিষয়া ।