অসম

assam

ETV Bharat / state

ৰঙিয়াত যুৱকৰ ৰহস্যজনক মৃত্যু!

ৰঙিয়া ষ্টেচনৰ সমীপৰ হোটেলত কাম কৰা যুৱকৰ মৃত্যু ৷ হোটেল কৰ্তৃপক্ষৰ দাবী, যুৱকজনে গ্ৰহণ কৰিছে আত্মহত্যাৰ পথ ৷ মৃত যুৱকজনৰ মাতৃৰ দাবী , এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷

ৰঙিয়াত যুৱকৰ ৰহস্যজনক মৃত্যু

By

Published : Sep 19, 2019, 6:50 PM IST

ৰঙিয়া , 19চেপ্তেম্বৰঃ ৰঙিয়াত এজন যুৱকৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ মৃত যুৱকজনৰ মাতৃৰ অভিযোগ, তেওঁৰ পুত্ৰৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হোৱাৰ পিছতো চিপ লৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে ৷

তথ্যানুসৰি, এমাহ পূৰ্বে শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ বিশাল মালাকাৰ (১৯) নামৰ যুৱক এজনে ৰঙিয়া ষ্টেচনৰ সমীপৰ গণেশ হোটেলত শ্ৰমিক হিচাপে যোগদান কৰিছিল ‌। বিগত ২৭ আগষ্টত যুৱকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনায় হোটেল কৰ্তৃপক্ষই ৷ ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পিছত ৰহস্যজনকভাৱে মৃতদেহৰ কাষলৈ যাবলৈ বাধা প্ৰদান কৰে হোটেল কৰ্তৃপক্ষই ৷

ৰঙিয়াত যুৱকৰ ৰহস্যজনক মৃত্যু

যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো পৰিয়ালক চমজাই দিয়ে হোটেল কৰ্তৃপক্ষই ৷ ইফালে পৰিয়ালৰ লোকে যুৱকজনৰ শৰীৰত বিভিন্ন আঘাতৰ চিন স্পষ্ট হৈ থকাটো প্ৰত্যক্ষ কৰি এয়া আত্মহত্যাৰ বিপৰীতে হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ৷ যুৱকজনৰ মাতৃৰ অভিযোগ, যদি তেওঁৰ ল'ৰাই আত্মহত্যাই কৰিছিল তেনেস্থলত তেওঁৰ মুখমণ্ডলত থকা আঘাতৰ চিন কিহৰ, তাক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ মাতৃৰ অভিযোগ আৰক্ষীয়ে হোটেল কৰ্তৃপক্ষৰ পৰা টকা লৈ তদন্তৰ পৰা বিৰত আছে ৷

ইতিমধ্যেই মাতৃয়ে বিশালৰ মৃত্যু সন্দৰ্ভত ৰঙিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে তদন্ত আৰম্ভ কৰা নাই ৷ ঘটনাক প্ৰায় এমাহ সময় হোৱাৰ পিচতো ৰঙিয়া আৰক্ষীৰ সন্দেহজনক স্থিতিয়ে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে ৷ কি কাৰণত হত্যা কৰা হল বিশালক ! যদি সঁচাকৈ আত্মহত্যা কৰিছিল বিশালে তেন্তে কেনেকৈ মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পালে ! কোনে হত্যা কৰিলে বিশালক ! সকলো প্ৰশ্নৰে উত্তৰ বিচাৰিছে অসহায় মাতৃগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details