অসম

assam

ETV Bharat / state

পহিলা ব'হাগতে ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ - RANGIA

ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ। অনুষ্ঠানৰ শেষত শিল্পীক নিদিলে প্ৰাপ্য ধন। ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত গোচৰ ৰুজু ৷

ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ

By

Published : Apr 16, 2019, 3:01 PM IST

ৰঙিয়া,16এপ্ৰিল: পহিলা বহাগৰ দিনাই বিহু সমিতিৰ ওপৰত ক্ষুব্ধ এগৰাকী কন্ঠশিল্পী ৷ সোমবাৰে নিশা ৰঙিয়াৰ মহখলিত সংগীতানুষ্ঠানৰ পাচতেই গায়িকা প্ৰিয়ংকা কলিতাই বিহু সমিতিৰ ওপৰত অপমানৰ অভিযোগ তুলি গোচৰ তৰিলে ৰঙিয়া থানাত ৷ সংগীতানুষ্ঠানটোৰ বাবে নিৰ্ধাৰিত ধন দিবলৈ অমান্তি হোৱাক লৈ বিহু সমিতিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল গীত পৰিবেশন কৰা কণ্ঠশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসকল ।

ৰঙিয়াত কন্ঠশিল্পীক অপমানৰ অভিযোগ

কণ্ঠশিল্পী প্ৰিয়ংকা কলিতাই অভিযোগ কৰা অনুসৰি সোমবাৰে ৰঙিয়াৰ মহখলিত দক্ষিণ-পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত সংগীতানুষ্ঠানৰ বাবদ ৪৫০০০ টকাৰ চুক্তি হৈছিল । কিন্তু সোমবাৰে নিশা গীত পৰিবেশনৰ পাচত প্ৰাপ্য ধন দিবলৈ অমান্তি হয় সম্পাদক ভুৱনেশ্বৰ ডেকা। ৪৫০০০ টকাৰ পৰিবৰ্তে ৩৫০০০ টকা আদায় দিয়াক লৈ সৃষ্টি হয় তীব্ৰ মতানৈক্য । অৱশ্যে শিল্পীৰ দলটোৱে ৰঙিয়া থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযুক্ত ভুৱনেশ্বৰ ডেকাৰ বিৰুদ্ধে এক গোচৰ তৰে ।

ABOUT THE AUTHOR

...view details