ৰঙিয়া, 22 মে' :অসমত ক'ভিডৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি হোৱাৰ সময়ত ৰে’লযোগে বহিঃৰাজ্যৰ পৰা খাদ্য-সামগ্ৰী কঢ়িয়াই অনাৰ ওপৰত ৰে’ল বিভাগে গুৰুত্ব আৰোপ কৰিছে । এই মন্তব্য ৰঙিয়া ৰে’ল মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকৰৰ ।
মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে, সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ক'ৰণা মহামাৰীয়ে পৰিস্থিতি জটিল কৰি তুলিছে । এনে এক সন্ধিক্ষণত ৰে’ল বিভাগৰ ফালৰ পৰা সহায় কৰাৰ বাবে মাণ্ডলিক প্ৰৱন্ধক গৰাকীৰ তত্বাৱধানত ইতিমধ্যে বঙাইগাঁৱত ২০ টা আইচ'লেশ্যন ডবা আৰু ৰঙিয়াত ১১ টা আইচ'লেশ্যন ডবা সম্পুৰ্ণৰূপে প্ৰস্তুত কৰি ৰখা হৈছে ।
এই ডবা সমূহত পৰ্যাপ্ত পৰিমানে অক্সিজেন মজুত ৰখা বুলি ডিআৰএম গৰাকীয়ে জনায় । ৰাজ্য চৰকাৰে যেতিয়াই বিচাৰে মুহূৰ্ততে অক্সিজেনৰ সুবিধা থকা এই আইচ'লেশ্যন ডবা সমূহ ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব বুলি উল্লেখ কৰে । বৰ্তমানলৈকে বঙাইগাঁৱৰ ৰে’ল মাণ্ডলিক হাস্পতলত ৮৮ গৰাকী ক'ভিড ৰোগীৰ চিকিৎসা কৰা হৈছে ।