ৰঙিয়া, 23 আগষ্টঃ ৰঙিয়াত বৃদ্ধৰ দূৰৱস্থা ৷ পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ বলি হৈ ঘৰ ত্যাগ কৰে এজন দূৰ্ভগীয়া পিতৃয়ে ৷
পুত্ৰ বোৱাৰীৰ অত্যাচাৰত ঘৰ এৰিলে বৃদ্ধই এডাল গছৰ তলত অৰ্ধচেতন অৱস্থাত থকা বয়োজ্যেষ্ঠ লোকজনক উদ্ধাৰ কৰে ৰঙিয়াৰ এজন যুৱকে ৷ উদ্ধাৰকৃত লোকজনক চিকিৎসালয়লৈ লৈ যায় গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি আজিজুৰ ৰহমানে৷ প্ৰাথমিক চিকিৎসা কৰাৰ পিছত লোকজনক আহাৰৰো যোগান ধৰা হয়৷ গোৰেশ্বৰৰ নাওকাটা বৰফুলাম গাওঁৰ ধৰ্মেশ্বৰ নাথ নামৰ লোকজনে জানিবলৈ দিয়ামতে, পুত্ৰৰ অত্যাচাৰৰ বলি হৈ তেওঁ এৰিব লগা হৈছে মৰমৰ ঘৰখন৷ কুলাংগাৰ পুত্ৰ বলেন নাথে প্ৰতিদিনে টকা বিছাৰি মানসিক অত্যাচাৰ কৰাই নহয় ,শাৰীৰিক ভাবেও আক্ৰমণ কৰি আহিছে পিতৃক ৷ এই ক্ষেত্ৰত পুত্ৰক উচতনি যোগাই আহিছে বোৱাৰীয়েকেও ৷ কুলাংগাৰ পুত্ৰৰ অত্যাচাৰৰ বাবেই এমাহ পূৰ্বে ঘৰ এৰি অহা লোক জনক ৰঙিয়া থানালৈ নি নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে ৷