ৰঙিয়া, 5 নৱেম্বৰ : ৰঙিয়াত চালকক গুলীয়াই গাড়ী চুৰি কৰিবলৈ চেষ্টা কৰা দুই ডকাইত আৰক্ষীৰ হাতত আটক হোৱাৰ পিছত ন ন তথ্য উদ্ঘাটন হব ধৰিছে । ঘটনাত জড়িত ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ তৈয়াবৰ ৰহমান ওৰফে পাকু আৰু পিতাম্বৰ হাটবজালীৰ চৰিফুল হক ওৰফে টিক্লাক আটক কৰাৰ পিছত কেইবাটাও চুৰি ডকাইতি ঘটনাত জড়িত আৰু তিনিজন লোকক আৰক্ষীয়ে আটক কৰিছে।
দহৰাৰ গুলীচালনা কাণ্ডঃ ৰঙিয়া আৰক্ষীৰ হাতত ন ন তথ্য - এম এন জুৱেলাৰীৰ কৰ্মচাৰী
যোৱা শুক্ৰবাৰে নিশা ৰঙিয়াৰ দহৰাত চুইফট্ ডিজায়াৰ গাড়ী এখন চুৰিৰ বাবে ধৃত দুই ডকাইতে গাড়ীখনৰ চালক গুৱাহাটীৰ দীপক দাসক উদ্দেশ্যি গুলীচালনা কৰিছিল। গুলীচালনাত আহত চালকজনে কৌশলেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰি আত্মৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ৰঙিয়া আৰক্ষীয়ে ডকাইতি কাৰ্যত জড়িত আন কেইবাজনো অপৰাধীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
ৰঙিয়া আৰক্ষীয়ে আটক কৰা লোক কেইজন হৈছে মহাৰাষ্ট্ৰৰ দীপক সঞ্জয় চৌহান, বিজয় নানা চুবাবাৰ আৰু পশ্চিম বঙ্গৰ শ্বেখ আলমগিৰ। এই তিনিজন ৰঙিয়াৰ এন টি ৰোডত থকা এম এন জুৱেলাৰীৰ কৰ্মচাৰী। ডকাইত কেইজনে অনা চেইন আদি জুৱেলাৰীৰ কৰ্মচাৰী কেইজনে তৎক্ষণাৎ অন্য অলংকাৰলৈ ৰূপান্তৰিত কৰি প্ৰমাণ নষ্ট কৰি আহিছিল। আদালতে অভিযুক্ত কেইজনক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, যোৱা শুক্ৰবাৰে নিশা ৰঙিয়াৰ দহৰাত চুইফট্ ডিজায়াৰ গাড়ী এখন চুৰিৰ বাবে ধৃত দুই ডকাইতে গাড়ীখনৰ চালক গুৱাহাটীৰ দীপক দাসক উদ্দেশ্যি গুলীচালনা কৰিছিল। গুলীচালনাত আহত চালকজনে কৌশলেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰি আত্মৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ৰঙিয়া আৰক্ষীয়ে ডকাইতি কাৰ্যত জড়িত আন কেইবাজনো অপৰাধীক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক: বিদ্যালয়ৰ কোঠালিত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে