ৰঙিয়া,৬ ছেপ্তেম্বৰঃএখন শুদ্ধ এন আৰ ছি বিচাৰি ৰঙিয়াত ৰাম সেনাৰ জোৰ সমদল । ৰঙিয়াৰ প্ৰগতি সংঘ বাকৰিৰ পৰা আৰম্ভ কৰা এই জোৰ সমদলটোৱে সমগ্ৰ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰে । জোৰ সমদলত উপস্থিত থাকে অসমৰ ৰামসেনা প্ৰমুখ দেৱজিত ডেকা আৰু মুখ্য উপদেষ্টা নয়নজ্যোতি মেধি । 'এন আৰ ছিৰ আসোঁৱাহ দূৰ কৰক', 'এন আৰ ছিত বাদ পৰা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰক','বিসঙ্গতি পূৰ্ণ এন আৰ ছি আমাক নালাগে','হিন্দু শৰণাৰ্থীক এন আৰ ছিত অন্তৰ্ভুক্ত কৰক' আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে সমদলকাৰীসকলে । অতি শীঘ্ৰে এই দাবী সমূহ কাৰ্যকৰী নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰামসেনাৰ সদস্য সকলৰ ।