অসম

assam

By

Published : Sep 22, 2020, 10:49 PM IST

ETV Bharat / state

আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত

বে অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাত ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত । ধাৰসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা উত্তৰ পূৰ্ৱৰ ৰাজ্য কেইখনত ৷

Rain warning assam and northeast
আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত

কামৰূপ,22 ছেপ্তেম্বৰঃ আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম , মেঘালয় আৰু অৰুণাচলৰ কিছু কিছু ঠাইত প্ৰৱল বৰষুণৰ সম্ভৱনা । ঠিক তেনেকৈ আগন্তুক ২৬ ছেপ্টেম্বৰলৈ ধাৰাসাৰ বৰষুণ থাকিব এই তিনিখন ৰাজ্যত । তাৰ মাজতে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ কিছু কিছু ঠাইত হ'ব ধাৰাসাৰ বৰষুণ । বে অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাত ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ।

আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত

যাৰ ফলত আগন্তুক পাছ দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছয় খন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা । অসমৰ বহু জিলাৰ বেছি ভাগ ঠাইত অহা 23 আৰু 24 ছেপ্টেম্বৰলৈ কম বেচি পৰিমাণে বৰষুণ হোৱাৰ আগ জাননী কথা সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । লগতে আগন্তুক ২৪ ঘন্টাত গুৱাহাটীত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ অৱশ্যে এই বৰষুণৰ মাত্ৰা ২৪ ঘন্টাৰ পিছত কিছু হ্ৰাস পাব ।

লগতে পঢ়কঃব্ৰহ্মপুত্ৰত গা ধুৱলৈ গৈ সলিল সমাধি ছাত্ৰৰ

ABOUT THE AUTHOR

...view details