অসম

assam

ETV Bharat / state

শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ - শ্বহীদ দীপাঞ্জল দাস বাসগৃহত উপস্থিত ৰাহুল গান্ধী

দীপাঞ্জলৰ দাসৰ গৃহত উপস্থিত হৈ সাংসদ গৰাকীয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা পিতৃক দুই লাখ টকাৰ উপৰিও প্ৰদান কৰে এখন ই-ৰিক্সা ৷

শ্বহীদ দীপাঞ্জল দাস
শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ

By

Published : Dec 28, 2019, 11:40 PM IST

কামৰূপ, 28 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ ছয়গাঁৱৰ দলৈপাৰাস্থিত বাসগৃহ শনিবাৰে উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধী ৷ দীপাঞ্জলৰ দাসৰ গৃহত উপস্থিত হৈ সাংসদ গৰাকীয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা পিতৃক দুই লাখ টকাৰ উপৰিও প্ৰদান কৰে এখন ই-ৰিক্সা ৷ তাৰোপৰি শ্বহীদ গৰাকীৰ পিতৃৰ-মাতৃৰ লগত বহুসময় ধৰি অকলশৰে মত-বিনিময় কৰে ৰাহুল গান্ধীয়ে ৷

শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ

শ্বহীদ দীপাঞ্জলৰ মাতৃৰ ভাষ্য অনুসৰি, ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পৰিয়ালৰ লগত সদায় থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এটি বাসগৃহ সাজি দিব বুলিও মন্তব্য কৰে ৷ তাৰোপৰি ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা দীপাঞ্জলৰ পিতৃক এখন ই-ৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে সাংসদ গৰাকীয়ে ৷ দীপাঞ্জলৰ ককায়েক আৰু বায়েকক সংস্থাপন দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিব বুলিও ৰাহুল গান্ধীয়ে আশ্বাস দিয়ে বুলি শ্বহীদ গৰাকীৰ মাতৃয়ে জানিবলৈ দিয়ে ৷ আনহাতে তেওঁলোকৰ পুত্ৰ হত্যাকাৰী চৰকাৰে বৰ্তমানলৈ পৰিয়ালটোৰ কোনো খবৰ নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে কোনো কাৰনতে নাগৰিকত্ব সংশোধনী আইন নামানো বুলিও দৃঢ় মত প্ৰকাশ কৰে।

শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ

ইফালে, স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদেও দুৰ্যোগৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী শ্বহীদ গৰাকীৰ বাসগৃহত আহি সমবেদনা প্ৰকাশ কৰাত যথেষ্ঠ সুখ প্ৰকাশ কৰে ৷ কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ লগত অসম কংগ্ৰছৰ তত্বাৱধায়ক হৰিশ ৰাৱাট, প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, বিধায়ক ছামছুল হুদা প্ৰমুখ্য প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত হয় শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত ৷

উল্লেখ্য যে, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শ্বহীদ দিপাঞ্জলৰ পিতৃ খগেন দাসৰ হাতত ই-ৰিক্সা এখন অৰ্পণ কৰে ৷ লগতে ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতা হৰিশ ৰাৱাট আৰু ৰকিবুল হুছেইনৰ জৰিয়তে নিশা দীপাঞ্জলৰ পিতৃৰ হাতত দুই লাখ টকা প্ৰদান কৰে ৷

আৰু পঢ়কঃ শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details