অসম

assam

By

Published : Mar 27, 2019, 7:00 PM IST

ETV Bharat / state

কংগ্ৰেছক এইবাৰ ব্ৰহ্মপুত্ৰত পেলাব কুইন ওজাই

হাজোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থীগৰাকীয়ে

কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ

কামৰূপ, 27 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনক লৈ এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বুধবাৰে তীৰ্থনগৰী হাজোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজা ৷ হাজোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াক লগত লৈনিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ
ইপিনে হাজোৰ চেঁচাৰ পৰা বৃহৎ সংখ্যক দলীয় কৰ্মীয়ে বাইক ৰেলীৰে হাজো মণ্ডলৰ বিজেপি কাৰ্যালয়লৈ আদৰণি আনে প্ৰাৰ্থীগৰাকীক ৷ ইপিনে দলীয় কাৰ্যালয়ৰ পৰা পোনে পোনে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগতে পোৱামক্কাত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে হাজোত নিৰ্বাচনী প্ৰচাৰ চলাইয়ে হাজোবাসীয়ে কংগ্ৰেছক উৎখাত কৰি এইবাৰ ব্ৰহ্মপুত্ৰত নদীত পেলাই দিব মন্তব্য কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details