ৰঙিয়া,21 অক্টোবৰ:৫৫ বছৰীয়া পুৰণি ৰঙিয়াৰ ব্ৰীগ ফিল্ড কলনীত সাৰ্বজনীন দুৰ্গা পূজাৰ অনুষ্টুপীয়া প্ৰস্তুতি সম্পূৰ্ণ ৷ প্ৰতিবছৰে কেইবা সহস্ৰাধিক লোকৰ সমাগম হোৱা এই পূজাখনৰ এইবেলি প্ৰস্তুতি তেনেই সেৰেঙা ৷ কোভিড প্ৰট’কল মানি এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ব দুৰ্গা পূজা ৷ পূজাত অংশগ্ৰহণ কৰিবলগীয়া পুৰোহিত আৰু পূজা কমিটিৰ লোকসকলে কোভিড পৰীক্ষা কৰাৰ পিছতহে অংশগ্ৰহণ কৰিব পাৰিব মণ্ডপস্থলীত ৷ এইবাৰৰ পূজাত বন্ধ থাকিব ভোগ বিতৰণ ৷
ৰঙিয়াৰ ব্ৰীগফিল্ড কলনীত দুৰ্গা পূজাৰ প্ৰস্তুতি - Covid 19
কোভিড প্ৰট’কল মানি এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ব দুৰ্গা পূজা ৷ পূজাত অংশগ্ৰহণ কৰিবলগীয়া পুৰোহিত আৰু পূজা কমিটিৰ লোকসকলে কোভিড পৰীক্ষা কৰাৰ পিছতহে অংশগ্ৰহণ কৰিব পাৰিব মণ্ডপস্থলীত ৷ এইবাৰৰ পূজাত বন্ধ থাকিব ভোগ বিতৰণ ৷ এই নিয়ম প্ৰযোজ্য হ’ব ৰঙিয়াৰ 55 বছৰ পুৰণি এখন দুৰ্গা পূজাত ৷
মণ্ডপটোৰ ভিতৰত ২৫ শতাংশতকৈ অধিক লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে পূজা কমিটিয়ে ৷ অন্যান্য ক্ষেত্ৰতো পূজা কমিটিয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷ সেই অনুসৰি, ভক্তসকলে মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব মানি চলিব লাগিব পূজাথলীত ৷ যদি কোনো লোকে কোভিড প্ৰট’কল ভংগ কৰে, তেন্তে পূজা মণ্ডপৰ ভিতৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিব কমিটিয়ে ৷ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হোৱা কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কমিটিখনে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি চলি উদযাপন কৰিব এইবাৰৰ দুৰ্গা পূজা ৷ ৰাইজকো একে নীতি-নিয়ম মানি পূজাথলীত উপস্থিত হ’বলৈ পৰামৰ্শ প্ৰদান কৰিছে ৰঙিয়াৰ এই পুৰণি পূজা কমিটিখনে ৷
লগতে চাওকঃগো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত কলংপাৰ বজাৰ