হাজো, 1 আগষ্টঃ কামৰূপ জিলাৰ আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত PMAY আঁচনিৰ গৃহৰ পৰা বঞ্চিত হিতাধিকাৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । PMAY আঁচনিৰ গৃহৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে ।
আমিনগাঁৱত PMAY গৃহৰ পৰা বঞ্চিত হিতাধিকাৰীৰ উত্তাল প্ৰতিবাদ উল্লেখ্য যে, হাজো সমষ্টিৰ শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ দিহিনা গাঁৱত PMAYৰ গৃহৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী । পঞ্চায়তৰ সভানেত্ৰী মাধৱী মালাকাৰে PMAYৰ গৃহৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ কৰে ৰাইজে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি আমিন গাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পঞ্চায়ত সভাপতি জনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।
ইফালে PMAYৰ আঁচনিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী আৰু চাকৰিয়ালৰ নাম প্ৰকাশ পাইছে হিতাধিকাৰীৰ তালিকাত । এই ঘটনাত ক্ষুব্ধ হৈ গাঁওখনৰ শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
আনহাতে, PMAYৰ গৃহৰ তালিকা খন পৰ্যবেক্ষন কৰি প্ৰকৃত হিতাধিকাৰীক বাচনি কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে । ইফালে উক্ত পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে উপায়ুক্ত গৰাকীক আহ্বান জনাইছে ।
লগতে পঢ়ক-বিশ্বনাথত পৌৰসভা কৰ্মচাৰীৰ ধৰ্মঘট