অসম

assam

ETV Bharat / state

বাইহাটা মদনপুৰ টোল গেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

কামৰূপ জিলাৰ বাইহাটা মদনপুৰত টোলগেট স্থাপন কৰাকলৈও অব্যাহত আছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ । অতি শীঘ্ৰ বিদ্যালয়ৰ সন্মুখত নিৰ্মাণ হোৱা টোলগেট বন্ধ কৰাৰ দাবী তোলে উপস্থিত ৰাইজে ।

By

Published : Aug 9, 2020, 8:14 PM IST

PUBLIC PROTEST AGAINST BAIHATA TOLL GATE
কামৰূপৰ মদনপুৰ টোল গেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

বাইহাটা, 9 আগষ্টঃ কামৰূপ জিলাৰ বাইহাটাৰ মদনপুৰ টোলগেট বন্ধ কৰাৰ দাবীত আছুকে ধৰি বিভিন্ন দল সংগঠনে কৰি আহিছে তীব্ৰ প্ৰতিবাদ । ৰাইজৰ প্ৰতিবাদত হাৰ মানি কামৰূপ জিলা প্ৰশাসনে দেওবাৰে অনুষ্ঠিত কৰে ৰাজহুৱা শুনানি ।

ৰাজ্যত 'কা' আন্দোলনৰ সমান্তৰালকৈ চৰকাৰে টোলগেট স্থাপন কৰাৰ বিৰুদ্ধেও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ঠিক একেদৰে কামৰূপ জিলাৰ মদনপুৰ টোলগেট স্থাপন কৰাকলৈও অব্যাহত আছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ । ইফালে মদনপুৰ টোলগেট বন্ধ কৰাৰ দাবীত ৰাইজৰ লগতে আছুকে ধৰি বিভিন্ন দল সংগঠনে কৰা তীব্ৰ প্ৰতিবাদত সেও মানি কামৰূপ জিলা প্ৰশাসনে দেওবাৰে অনুষ্ঠিত কৰে ৰাজহুৱা শুনানি ।

এই শুনানিত কামৰূপ জিলা আৰক্ষী প্ৰশাসনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে অংশগ্ৰহণ কৰে । আছুকে ধৰি বিভিন্ন দল সংগঠন আৰু অঞ্চলবাসী ৰাইজে তীব্ৰ বিৰোধীতা কৰে এই টোলগেট স্থাপনক লৈ । মদাৰতলা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমুখত নিৰ্মাণ হোৱা টোলগেট বন্ধ কৰাৰ দাবী তোলে উপস্থিত ৰাইজে।

কামৰূপৰ মদনপুৰ টোল গেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ৰাজহুৱা শুনানিৰ পাছতে ৰাজহুৱা অসুবিধা দুৰিকৰণ কৰাৰ আশ্বাস জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকৰ । ৰাইজৰ সকলো দাবী বিচাৰ বিবেচনা কৰা হ'ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক-বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ

ABOUT THE AUTHOR

...view details