ছয়গাঁও, 21 মে' : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলৰ অধীনস্থ ছয়গাঁৱৰ দগাঁও কটহী পানী যোগান আঁচনি ৷ কেৱল নামতহে আছে ছয়গাঁৱৰ দগাঁও কটহী এই পানী যোগান আঁচনি ৷ কিয়নো ইয়াৰ পৰা ৰাইজে নিতৌ পানী লাভ কৰাটো দূৰৈৰে কথা, দুই-তিনি মাহৰ মূৰত এদিনহে লাভ কৰে বিশুদ্ধ খোৱাপানী ৷ পানী যোগান কেন্দ্ৰটোৰ বৰ্তমানৰ শোচনীয় অৱস্থাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ তথ্য অনুসৰি, 2017 চনত হোৱা প্ৰৱল বানপানীৰ সময়ত পানীযোগান কেন্দ্ৰটোৰ টেংকীটো তললৈ বহি যোৱাৰ লগতে প্ৰায়বোৰ পানীৰ টেপৰ লগতে পাইপ লাইনবোৰো ভাগি গৈছিল ৷ প্ৰায় দুবছৰ পাচত অৰ্থাৎ তিনিমাহ পূৰ্বে কিছু পাইপলাইনৰ মেৰামতি কৰাৰ লগতে স্থাপন কৰা হৈছিল কেইবাটাও টেপ ৷
বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভেকোঁভাওনা
নিতৌ নহয়, দুই-তিনি মাহৰ মূৰত এদিনহে বিশুদ্ধ খোৱাপানী লাভ কৰে ছয়গাঁৱৰ দগাঁওবাসীয়ে ৷ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিত অতিষ্ঠ স্থানীয় ৰাইজ ৷
কিন্তু আজি তিনিমাহ উকলি যোৱাৰ পাচতো টেপকেইটা পকী কৰি নিদিয়াৰ ফলত টেপৰ পাইপ ভাগি যাবলৈ ধৰিছে ৷ ইফালে বিগত দুবছৰে তললৈ বহি যোৱা টেংকীটোও মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ ইপিনে স্থানীয় ৰাইজে অভিযোগ কৰামতে পানীযোগান কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰীজনক কেন্দ্ৰটো কেতিয়া ভাল হ'ব বুলি সুধিলে কোনো সুদুত্তৰ নিদিয়ে কৰ্মচাৰীসকলে ৷ সেয়েহে বিভাগীয় কৰ্মাচাৰীৰ কাণ্ডত অতিষ্ঠ স্থানীয় ৰাইজে অতিশীঘ্ৰে পানীযোগান কেন্দ্ৰটো সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে ৷