কামৰূপ,১৬ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰাত পাকিস্তান সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই চল্লিশজনৰো অধিক চিআৰিপিএফ বাহিনীৰ জোৱানৰ প্ৰাণ কাঢ়ি নিয়া ঘটনা সংঘটিত হোৱাৰ পাছতেই তীব্ৰ প্ৰতিবাদত উত্তাল হৈছে সমগ্ৰ দেশ ।
গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে পাকিস্তানী পতাকা - পাকিস্তান সন্ত্ৰাসবাদী
হাজোত প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ
দাহ কৰিলে পাকিস্তানী পতাকা
হাজোতো সাব্যস্থ হ'ল গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। জম্মু কাশ্মীৰত ভাৰতীয় জোৱানক নিষ্ঠুৰভাবে হত্যাৰ প্ৰতিবাদত শনিবাৰে সংগঠনটোৱে হাজোৰ কলিতাকুছিত দাহ কৰে পাকিস্তানী পতাকা । পাকিস্তানক সন্ত্ৰাসবাদীৰ কাৰখানা আখ্যা দি ৰাষ্ট্ৰখনক একাষৰীয়া কৰি দিবলৈ মোদী চৰকাৰৰ লগতে ৰাষ্ট্ৰসংঘক দাবী জনালে সংগঠনটোৱে ।