অসম

assam

ETV Bharat / state

বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অগপ

বিগত শনিবাৰে টুপামাৰীত কংগ্ৰেছৰ এক দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকি অগপৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছিল অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ সেয়ে বিধায়িকাগৰাকীৰ বিৰুদ্ধে এতিয়া সমালোচনা মুখৰ হৈ পৰিছে অগপ দলটো ৷

Pressmeet of AGP in Boko kamrup assam etv bharat news
অগপৰ সংবাদমেল

By

Published : Sep 13, 2020, 7:44 AM IST

বকো,13 ছেপ্তেম্বৰ: দক্ষিণ কামৰূপৰ বকোস্থিত অসম গণ পৰিষদৰ মূখ্য কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈ যায় অগপৰ এক সংবাদমেল ৷ বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে টুপামাৰীৰ এক সভাত অংশগ্ৰহণ কৰি অসমত অগপ দলৰ মৃত্যু হোৱা বুলি কৰা বিতৰ্কিত মন্তব্যত জাঙুৰ খাই উঠা দলটোৱে সম্বোধন কৰে এই সংবাদমেল ৷ বকোৰ অগপ দলৰ সভাপতি পৰাণজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত সংবাদমেলখনত উপস্থিত থাকে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰকাশ দাস, আব্দুল হালিমকে ধৰি বহুকেইগৰাকী দলীয় নেতা-কৰ্মী ৷

অগপৰ সংবাদমেল

উল্লেখ্য যে,বিগত শনিবাৰে টুপামাৰীত কংগ্ৰেছৰ এক দলীয় যোগদান কাৰ্যসূচীত উপস্থিত থাকি এই বিৰূপ মন্তব্য আগবঢ়াইছিল অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে বিধায়িকাগৰাকীৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ জ্ঞান অপৰিপক্ক বুলি উল্লেখ কৰি কঠোৰ সমালোচনা কৰে ৷ লগতে দাসে বিভিন্ন দল বাগৰিহে বকোৰ বিধায়িকা হিচাপে প্ৰতিষ্ঠিত হৈছে বুলি মন্তব্য কৰে বকোৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ বিধায়িকাগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতি অসম গণ পৰিষদ দলে জনোৱা সমৰ্থন সন্দৰ্ভত সমালোচনা কৰিবলৈ গৈ উক্ত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল ৷

লগতে চাওকঃৰাজ্যত পথ নিৰ্মাণত ব্য়য় হ'ব 11,900 কোটি টকা : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details