অসম

assam

ETV Bharat / state

ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ সম্ভাৱনা - কৰ'ণাৰ আতংক আৰু লক্ ডাউন

ৰাজ্যবাসীৰ বাবে দুঃখবৰ। লক্ ডাউনৰ বাবে ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ সম্ভাৱনা। উত্তৰ গুৱাহাটীস্থিত বটলিং প্লান্ট বন্ধ কৰিলে শ্ৰমিকে।

possibilities of LPG scarcity in Assam
possibilities of LPG scarcity in Assam

By

Published : Apr 2, 2020, 3:16 PM IST

কামৰূপ, 2 এপ্ৰিল :ৰাজ্যজুৰি শেহতীয়াকৈ 72 ঘণ্টাত চিনাক্ত হৈছে 16 জনকৈ কৰ'ণা আক্ৰান্ত ৰোগী ৷ দেশত কৰ'ণাৰ প্ৰাদুৰ্ভৱ ঘটনাৰ পাচতেই লক্ ডাউন ঘোষণা কৰা হৈছিল যদিও একাংশ লোকে এই লক্ ডাউন মানিব খোজা নাছিল ৷ কিন্তু ৰাজ্যত কৰ'ণা আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পাচতে আতংকিত হৈ পৰিছে লোকসকল ৷ আই.অ.চি.ত ক'ৰণা ভাইৰাছ সক্ৰাংন্তীয় কোনো সজাগতা নোহোৱাৰ বাবে উত্তৰ গুৱাহাটীৰ বটলিং প্লান্টৰ শ্ৰকিকে বন্ধ কৰিলে কাম । সহস্ৰাধিক ট্ৰেংকাৰ সহ ছিলিণ্ডাৰ পৰিবাহী ট্ৰাক আৱদ্ধ হৈ আছে প্লান্টত । বিহাৰ, কলিকতা, উত্তৰ প্ৰদেশৰ লগতে অন্য ৰাজ্যৰ পৰা অহা ট্ৰেংকাৰ চালক সমূহ আৱদ্ধ হৈ আছে প্লান্টত। উল্লেখ্য যে, প্লান্টত ডিজিটেল টেম্পাৰেচাৰ চাই দায়িত্ব সামৰিছে আই.অ.চি.ত বটেলিং প্লান্টৰ জ্যেষ্ঠ প্ৰৱন্ধকে । আতংকিত হৈ পৰিছে আই.অ.চি বটলিং প্লান্টৰ সহস্ৰাধিক চালক । বটলিং প্লান্টৰ পৰা দৈনিক ১০,০০০ ৰন্ধন গেছৰ ছিলিণ্ডাৰ উৎপাদিত হয় । কিন্তু বৰ্তমান কৰ'ণাৰ আতংক আৰু লক্ ডাউনৰ বাবে বটলিঙৰ কাম স্তব্ধ হৈ পৰিছে ৷ যাৰ বাবে মূল্য বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷

ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details