ৰঙিয়া,13 মে’: ৰঙিয়াত মাস্ক নিপিন্ধা তথা ক’ভিড প্ৰট’কল ভংগ কৰাসকলৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ । মাৰাত্মক কৰ’ণা মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ অসচেতন ব্যক্তি সৰ্বসাধাৰণৰ বাবে বিপদস্বৰূপ হৈ পৰিছে । এনে বহুলোক আছে যিয়ে বিভিন্ন অজুহাত দেখুৱাই মাস্ক পৰিধান নকৰাকৈ থাকে । তেনে ব্যক্তিৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে ।
মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীৰ অভিযান - covid protocol
ৰঙিয়াত মাস্ক নিপিন্ধা তথা ক’ভিড প্ৰট’কল ভংগ কৰা সকলৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ । ৰঙিয়া চহৰৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সমীপত মাস্ক পৰিধান নকৰা ব্যক্তিসকলৰ পৰা ১ হাজাৰ টকাকৈ জৰিমনা আদায় কৰিছে আৰক্ষীয়ে ।
মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীৰ অভিযান
ৰঙিয়া চহৰৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সমীপত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১ হাজাৰ টকাকৈ জৰিমনা আদায় কৰিছে ।
লগতে পঢ়ক: স্থবিৰ নহয় মাজুলীৰ উন্নতি: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা