বাইহাটা, 17 জুন:সমগ্ৰ উত্তৰ কামৰূপত বানৰ বিভিষিকা । বাইহাটা চাৰিআলিৰ সৰহ সংখ্যক গাঁও এতিয়া পানীৰ তলত । আনকি ভিতৰুৱা পথ সমুহো পানীৰ তলত । বিগত চাৰি-পাঁচ দিনে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত কলাজল নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উফন্দি অহাত বাইহাটাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে (Flood in Baihata) ৷
শুকুৰবাৰে জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika visited flood affected area) বিধায়ক দিগন্ত কলিতাক লগত লৈ কলাজল নদীৰ বাঢ়নি পানীয়ে জলমগ্ন কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ সেই স্থানত উপস্থিত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বানপীড়িত ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায় (MLA Diganta Kalita visited flood affected area) ৷ লগতে বানপীড়িত সকলক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈ আহিবলৈ পৰামৰ্শ দিয়ে ৷