গুৱাহাটী, 27 মে’: নিশা মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি । চলন্ত ৰে’লৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় এই পৰিস্থিতিৰ । বিক্ৰম চৌধুৰী নামৰ এজন যুৱকে লোকমান্য টিলক এক্সপ্ৰেছ নামৰ ৰেলখনত কলিকতালৈ গৈ আছিল । পাণ্ডু ৬ নম্বৰত ৰেলখনৰ গতি হ্ৰাস পোৱাত তিনি দুৰ্বৃত্তই যুৱকজনৰ পৰা মোবাইলটো কাঢ়ি ৰেলৰ পৰা জপিয়াই পলায়ন কৰে । বিক্ৰম চৌধুৰী নামৰ যুৱকজনো চোৰ কেইটাক খেদি যায় । পিছত স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰে চোৰ তিনিটাক ।
চলন্ত ৰে’লৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰি পাণ্ডুত উত্তপ্ত পৰিস্থিতি - কলিকতা
পাণ্ডু ৬ নম্বৰত ৰে’লখনৰ গতি হ্ৰাস পোৱাত তিনি দুৰ্বৃত্তই এজন যুৱকৰ পৰা মোবাইলটো কাঢ়ি ৰে’লৰ পৰা জপিয়াই পলায়ন কৰে
চলন্ত ৰেলৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰি পাণ্ডুত উত্তপ্ত পৰিস্থিতি
লগতে পঢ়ক: নিৰ্বাচনত জয়ী হৈ নিজ সমষ্টিত উপস্থিত নৰেন্দ্ৰ মোডী
এই ঘটনাক কেন্দ্ৰ কৰিয়ে উত্তপ্ত হৈ পৰে পাণ্ডু অঞ্চল । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰঞ্জন দেৱনাথ, জিয়াউল আলী আৰু চালাম নামৰ চোৰ কেইটাক থানালৈ লৈ যায় ।