সোণাপুৰ, 3 মে' : ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাননি পথাৰসমূহ পাহাৰৰ ৰঙা মাটিৰে পুতি ধ্বংস কৰি আছে একাংশ লোকে। সোণাপুৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ হেমাহিৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ কৃষিভূমি এনেদৰে ধ্বংস কৰাৰ পাচতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে ৷ যাৰ বাবে দিনে নিশাই চলাই গৈছে এই কাৰ্য ৷
পাহাৰৰ ৰঙা মাটিৰে পুতি ধ্বংস কৃষিভূমি - ইটিভি ভাৰত
ধাননি পথাৰসমূহ পাহাৰৰ ৰঙা মাটিৰে পুতি ধ্বংস কৰি আছে একাংশ লোকে। সোণাপুৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বনাঞ্চলিক বিষায়ৰ কাৰ্যালয় হেমাহিৰ অভিযোগ ৷
পাহাৰৰ ৰঙা মাটিৰে পুতি ধ্বংস কৃষিভূমি
লগতে পঢ়ক : ষ্টেট বেংকৰ একাউণ্টৰ পৰা হৰলুকি ৮০ হেজাৰ টকা
এই সম্পৰ্কে স্থানীয় ছাত্ৰনেতাই প্ৰকাশ কৰে যে, চৰকাৰৰ অনুমতি অবিহনে কোনো লোকে কৃষিভূমিত পাহাৰৰ ৰঙা মাটি আনি পেলাব নোৱাৰে৷