আজাৰা, 14 অক্টোবৰ: সমনীয়াৰ সৈতে উমলি ভাল পোৱা পলাশবাৰীৰ নহিৰাৰ কুলডুং গাঁৱৰ প্ৰিয়ংকা মেধি সম্প্ৰতি শয্যাগত ৷ কুলডুং গাঁও নিবাসী গোপাল মেধি আৰু ভাৰতী মেধিৰ কণমানি কন্যা প্ৰিয়ংকা মেধি দুবছৰ পূৰ্বে এদিন হঠাতে ঘৰত অচেতন হৈ পৰে ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ প্ৰিয়ংকাক চিকিৎসালয়লৈ লৈ যায় আৰু পৰৱৰ্তী সময়ত কণমানিটোক অস্ত্ৰোপচাৰ কৰা হয় যদিও, সুস্থ হৈ নুঠিল তাই ৷
এটা পৰিয়াল, প্ৰয়োজন সহায়ৰ - সহায়
বিগত 1 বছৰে বিছনাকে সাৰথি কৰি লোৱা এটি কণমানিৰ চিকিৎসাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পৰিয়ালৰ লোকে ৷ চাহ দোকান দি জীৱন নিৰ্বাহ কৰা কণমানিটোৰ পিতৃ-মাতৃক প্ৰয়োজন কিছু আৰ্থিক সহায়ৰ ৷ যিয়ে সুস্থ কৰি তুলিব পাৰে তেওঁলোকৰ 6 বছৰীয়া শয্যাগত কণমানিটোক ৷
হাত-ভৰিকে ধৰি দেহত বহু অংগ ক্ৰমান্বয়ে অচল হৈ পৰে প্ৰিয়ংকাৰ ৷ কথা ক'বও নোৱাৰা হ'ল কণমানিটোৱে ৷ তেনেকৈয়ে বিগত 1 বছৰে বিছনাকে সাৰথি কৰি লৈছে কণমানি প্ৰিয়ংকাই ৷ চাহ দোকান দি পৰিয়াল জীৱন নিৰ্বাহ কৰা প্ৰিয়ংকাৰ পৰিয়ালে তাইক সুস্থ কৰি তুলিবলৈ পাৰ্যমানে চেষ্টা কৰিছে যদিও, সফল হোৱা নাই তেওঁলোক ৷ তেওঁলোকৰ সমস্যা সমাধানৰ আশাৰে তেওঁলোক পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ কাষ চাপিছিল যদিও বিধায়ক গৰাকীয়ে কোনো ধৰণৰ সহযোগিতা আগনবঢ়ালে বুলি জনায় তেওঁলোকে ৷ যাৰ বাবে উপায়ন্তৰ পৰিয়ালটোৱে সম্প্ৰতি হাতযোৰ কৰি কিছু সহায়ৰ বাবে অনুৰোধ জনাইছে চৰকাৰৰ লগতে অসমবাসী ৰাইজক ৷ যদি কোনো লোকে দুৰ্ভগীয়া পৰিয়ালটোৰ মুখৰ হাঁহিখিনি ঘূৰাই আনিব বিচাৰে তেন্তে, ভাৰতী মেধিৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ 320071162 IFSC-SBIN0005242 নম্বৰ একাউণ্টত কিছু আৰ্থিক অনুদান আগবঢ়াব পাৰে ৷ নাইবা 9365433124 নম্বৰত ফোন কৰি পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰে ৷
লগতে পঢ়ক:বঙাইগাঁৱৰ বিদ্যাপুৰত ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টা অধ্যক্ষৰ