ৰঙিয়া, 8 মে': 90ৰ দেওনা পাৰ কৰা ৰঙিয়া ঢোলকুছিৰ এগৰাকী বৃদ্ধা ৷ ৰাধিকা দাস নামৰ বৃদ্ধা গৰাকীৰ আছে পমিলা দাস (৬৫) আৰু ধৰ্মী দাস (৪৫) নামৰ দুগৰাকী বিশেষভাৱে সক্ষম জীয়ৰী ৷ ইতিমধ্যেই পুত্ৰ আৰু বোৱাৰীয়েও মৃত্যুক সাৱটি লৈছে বৃদ্ধা গৰাকীৰ ৷ লক্ ডাউনৰ বাবে কাণেৰে নুশুনা আৰু কথা ক'ব নোৱাৰা দুয়োগৰাকী জীয়ৰীৰ সৈতে, বৃদ্ধাগৰাকীৰ পৰিয়াললৈ নামি আহিছে দুৰ্যোগ ৷ লক্ ডাউনৰ সময়ত এমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ৷
দুই বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90 উৰ্দ্ধৰ আইতাৰ দুৰ্বিসহ জীৱন কাহিনী - আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰী
চৰকাৰী আঁচনি আছে ঠিকেই ! কিন্তু বহু সময়ত এই আঁচনিৰ পৰা বঞ্চিত হৈ থাকে প্ৰকৃত হিতাধিকাৰী ৷ ইয়াৰেই যেন জলন্ত উদাহৰণ বহন কৰিছে ৰঙিয়াৰ ঢোলকুছিৰ বৃদ্ধা ৰাধিকা দাসৰ পৰিয়ালে ৷
pathetic condiotion of a family in rangia
পূৰ্বতে বিশেষভাৱে সক্ষম সকলৰ আৰ্থিক সাহায্যৰ বাবে কেইবাবাৰো আবেদন কৰিছিল যদিও, আজিলৈ কোনো ধৰণৰ সহায় নাপালে বৃদ্ধা গৰাকীৰ জীয়ৰী দুগৰাকীয়ে ৷ আনহাতে আজিলৈ চৰকাৰৰ আন কোনো আঁচনিৰ সুবিধাৰো মুখ নেদেখিলে দৰিদ্ৰ পৰিয়ালটোৱে ৷ ইয়াৰোপৰি অসুস্থ হৈ পৰা ৰাধিকা দাসৰ চিকিৎসাৰো কোনো সুবিধা পোৱা নাই এই পৰ্যন্ত ৷ গাঁৱৰ মানুহৰ ঘৰত কাম কৰি কোনোমতে পেট প্ৰৱৰ্তোৱা পৰিয়ালটোৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে ৷
লগতে পঢ়কঃলক্ ডাউনঃ চাহ দোকানৰে জীৱিকা নিৰ্বাহ বাদ্যযন্ত্ৰীৰ