আজাৰা, 11 ডিচেম্বৰ: আঘোণ অবিহনে অসমৰ চহা জীৱনৰ ছবিখন কল্পনাতীত ৷ কিয়নো আঘোণতে বাৰিষাৰ প্ৰখৰ ৰ'দত কপালৰ ঘাম মাটিত পেলাই কৰা সোণগুটি ধাননি চপাই ভঁৰাল ভৰায় চহা কৃষকে ৷ যেনিয়ে চাই তেনিয়ে এতিয়া কেৱল সোণগুটি ধাননিৰ সোণসেৰীয়া আভা ৷ হাতে-হাতে কাঁচি লৈ ডাঙৰীৰ বাবে দাৱনীয়ে যুগুতাইছে ধান ৷ পথাৰৰ সোণগুটি লখিমী চপোৱাত ব্যস্ত ৰাজ্যৰ কৃষক ৷ বিৰিয়াত কঢ়িয়াই অনা ধানখিনিয়ে দি যায় চহা কৃষকৰ সপোনৰ আভাস ৷
ব্যতিক্ৰম নহ'ল মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল বঙৰা ৷ পথাৰত ধান কটাত ব্যস্ত হৈ পৰিছে চহা কৃষক ৷ যদিও আধুনিকতাৰ ধামখুমীয়াত বৰ্তমানৰ খেতিপথাৰসমূহ সোমাই পৰিছে, তৎসত্বেও আধুনিকতাই ম্লান কৰিব পৰা নাই আঘোণৰ পথাৰত নিহিত কৃষকৰ কেঁচা ঘামৰ গোন্ধ ৷ সেয়ে নিজ পথাৰৰ খেতিডৰা এতিয়া নিজেই চপোৱা দেখিবলৈ পোৱা গৈছে বঙৰাৰ খেতিয়কসকলক ৷