অসম

assam

By

Published : Aug 15, 2021, 8:16 AM IST

ETV Bharat / state

ছয়গাঁৱত অপৰাধীৰ ঘাটিত আৰক্ষীৰ হাতোৰা

ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই বাটাকুছিত প্ৰায় 264 টা অৰুণাচলী সুৰাৰ বটল উদ্ধাৰ কৰে ৷ তদুপৰি ঘটনা সন্দৰ্ভত আটক কৰে এজন লোকক ৷

ছয়গাঁৱত অপৰাধীৰ ঘাটিত আৰক্ষীৰ হাতোৰা
ছয়গাঁৱত অপৰাধীৰ ঘাটিত আৰক্ষীৰ হাতোৰা

ছয়গাঁও,15 আগষ্ট : সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত ৷ শুকুৰবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে চলোৱা এনে অভিযানত পূৰ্বেও সফলতা লাভ কৰিছিল ৷ শেহতীয়াকৈ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে চলাইছিল এই অভিযান ৷

উক্ত অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ এজন লোকক ৷ ছয়গাঁৱৰ সমীপৰ বাটাকুছিত প্ৰায় 264 টা অৰুণাচলী সুৰাৰ বটল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম কুমুদ নাথ বুলি জানিব পৰা গৈছে ৷ আটকাধীন সুৰা ব্যৱসায়ীগৰাকীক আৰক্ষীয়ে শনিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ইয়াৰোপৰি শনিবাৰে আৰক্ষীয়ে গৰৈমাৰীৰ পৰা আটক কৰে নুৰ ইছলাম নামৰ এজন তীৰ খেলৰ বুকীক ৷ বুকীজনৰ পৰা বহুসংখ্যক তীৰখেলৰ নথিপত্ৰৰ লগতে নগদ ৭,৩৮০ টকা জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত ব্যক্তিজনে দীৰ্ঘসময় ধৰি অঞ্চলটোত চলাই আহিছিল তীৰ খেল ৷ উল্লেখ্য যে, উক্ত দুয়োটা অভিযানৰ নেতৃত্ব বহন কৰিছিল ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে ৷

তীৰখেলৰ বুকী আটক

লগতে চাওক:স্বাধীনতা দিৱস উপলক্ষে ইটিভি ভাৰত বিশেষ জয় হিন্দ...

ABOUT THE AUTHOR

...view details