বকো, 21 জানুৱাৰী : বকো থানাত বুধবাৰে নিশা অঘটন । আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন চোৰৰ । বাইক চোৰ হাকিমুদ্দিন আলী ওৰফে চাকুমাৰাই পলায়ন কৰে বকো আৰক্ষী থানাৰ পৰা । যোৱা ৬ ডিচেম্বৰত অন্য এক গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছিল ৫ টাকৈ দুৰ্ধৰ্ষ চোৰ । ১৮ জানুৱাৰীত বকো থানাৰ গোচৰত আৰক্ষীয়ে জিন্মাত লৈছিল অভিযুক্ত লোক কেইজনক।
বকো আৰক্ষীক চকুত ধুলি দি হেণ্ডকাফ ছিঙি পলাল চোৰ - আৰক্ষী
থানাৰ পৰা হেণ্ডকাফ খুলি পলাল চোৰ ৷ পাচে পাচে খেদিও কৰায়ত্ব কৰিব নোৱাৰিলে আৰক্ষীয়ে ৷ বকো থানাত হুৱাদুৱা ৷
নিশা ল'কাপত সংঘাতত লিপ্ত হৈছিল চোৰকেইটা । তাৰ পিছত হেণ্ডকাপ লগাই বাহিৰত ৰখা হৈছিল হাকিমুদ্দিনক। নিশা ১:১০ বজাত হেণ্ডকাপ ছিঙি পলায়ন কৰে চোৰ হাকিমুদ্দিন আলীয়ে। দাঁতেৰে কামুৰি হেণ্ডকাপ ছিঙি পলায়ন কৰাৰ সন্দেহ । বকো আৰক্ষী থানাৰ 1304/20 নম্বৰ গোচৰত অভিযুক্ত পলাতক চোৰ হাকিমুদ্দিন সহিতে সংগী চাৰিজন । চোৰটোক পলায়ন কৰাৰ সময়ত এজন আৰক্ষী জোৱানে পাচে পাচে খেদিছিল যদিও কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল ৷ থানাৰ ভিতৰৰ পৰা হেণ্ডকাফ চিঙি চোৰ পলায়ন কৰা ঘটনাই সেইসময়ত কৰ্তব্যৰত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন আনিছে ৷ থানাখনত সংযোজিত চিচি টিভি কেমেৰাত বন্দী হৈ ৰৈছে এই সমগ্ৰ দৃশ্য ৷
লগতে পঢ়ক :নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড