আজাৰা, 28 অক্টোবৰ : JEE কেলেংকাৰীক লৈ আজাৰা আৰক্ষীৰ জালত পৰিছে কেইবাজনো লোক । ই টি ভি ভাৰতত পোন প্ৰথমে সম্প্ৰচাৰ হৈছিল JEE ৰ কেলেংকাৰীৰ ঘটনা । JEE পৰীক্ষাৰ খেলি মেলিৰ বিষয়ে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই নিজেই চলাইছে তদন্ত প্ৰক্ৰিয়া । এই ঘটনা সন্দৰ্ভত গঠন কৰি দিয়া বিশেষ তদাৰক কমিটিয়ে চলাইছে জোৰদাৰ তদন্ত । ঘটনাত অভিযুক্ত কেইবাজনকো আজাৰা আৰক্ষী থানাত সোধ পোছ অব্যাহত ৰাখিছে ।
খোদ মুন্না প্ৰসাদ গুপ্তাই চলাইছে JEE জালিয়াতিৰ তদন্ত - ION Digital Zone
16:37 October 28
JEE পৰীক্ষাত সংঘটিত জালিয়াতি সন্দৰ্ভত আৰক্ষীৰ তদন্ত ৷ ই টি ভি ভাৰতত পোন প্ৰথমে সম্প্ৰচাৰ হৈছিল JEE ৰ কেলেংকাৰীৰ ঘটনা । ধন দি জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল এগৰাকী যুৱক ৷ বহু কেইগৰাকী লোকক সোধ পোচ চলাইআছে আৰক্ষীয়ে ৷
যোৱা ৫ ছেপ্টেম্বৰত JEEৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আজাৰাস্থিত ION ডিজিটেল জ'নত । পৰীক্ষাৰ্থীৰ বিপৰীতে অন্য লোকে পৰীক্ষা দিয়া এটি অদিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে গুৱাহাটী মহানগৰীৰ মথুৰা নগৰৰ মিত্ৰ দেৱ শৰ্মা নামৰ এজন সচেতন নাগৰিকে আজাৰা আৰক্ষী থানাত যোৱা ২৩ অক্টোবৰ তাৰিখে এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি মূল অভিযুক্ত নীল নক্ষত্ৰ দাসৰ লগতে কেইজন পৰীক্ষাৰ্থী আৰু নিৰীক্ষকক সোধ-পোছ অব্যাহত ৰাখে । মহানগৰ আৰক্ষী আয়ুক্তই জনাই যে তথ্য প্ৰমাণ পালেই গ্ৰহণ কৰা হ’ব কঠোৰ আইনী ব্যৱস্থা ।
ASGP সুপ্ৰতিভ লাল বৰুৱা, ACP নন্দিনী কাকতি, আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ চন্দ্ৰ কলিতাৰ আৰু মহানগৰ আৰক্ষী আয়ুক্ত মুন্ন প্ৰসাদ গুপ্তাৰ নেতৃত্বত চলিছে অভিযান ৷ অভিযুক্ত নীল নক্ষত্ৰ দাসৰ সৈতে JEE কেলেংকাৰীত জড়িতৰ সন্দেহত ION Digital Zoneৰ প্ৰায় 20 জনক সোধ-পোছৰ বাবে আটক কৰা হৈছে ।
লগতে পঢ়ক :অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ