বকো, 17 মাৰ্চ: সামৰণি পৰিল দক্ষিণ কুলীয়া শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ থান হিচাপে পৰিচিত নৱ বৈষ্ণৱ ধৰ্মৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সত্ৰ মহোৎসৱৰ । প্ৰতি বছৰে ফাগুন মাহৰ শুক্লা দ্বিতীয়াত ছমৰীয়া সত্ৰত পালন কৰা হয় সত্ৰ মহোৎসৱ তথা ছমৰীয়া সভা । সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ তিৰোভাৱ তিথিত মহাধুম-ধামেৰে উদযাপিত হয় এই মহোৎসৱখন । এইবেলি ১৩ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ পালন কৰা হৈছে এই মহোৎসৱখনীৰ ।
মহোৎসৱৰ অন্তিম দিনা সত্ৰবাসীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৰাম বিজয় ভাওনাক বাটৰ নাট হিচাপে প্ৰদৰ্শন কৰে । ৰাম-সীতাৰ বিবাহ হিচাপে অভিহিত বাটৰ নাট চাবলৈ সত্ৰত ভিৰ কৰে অগনন ভক্তপ্ৰাণ ৰাইজে ।