অসম

assam

By

Published : Aug 23, 2019, 7:22 PM IST

ETV Bharat / state

অবৈধ বিদেশীক উৎসাহিত নকৰিবলৈ আহ্বান সমুজ্জল ভট্টাচাৰ্যৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে অবৈধ বিদেশীক উৎসাহিত নকৰিবলৈ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । সীমা সুৰক্ষা বাহিনীয়ে এনআৰচি সন্দৰ্ভত চৰকাৰৰ নিৰ্দেশ মৰ্মে কাম কৰিব ।

অবৈধ বিদেশীক উৎসাহিত নকৰিবলৈ আহ্বান সমুজ্জল ভট্টাচাৰ্যৰ

গুৱাহাটী,23আগষ্টঃ"উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত যোৱা ৬ বছৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে । অহা ৩১ আগষ্টত অসমৰ নাগৰিকপঞ্জী ঘোষণাৰ দিন চূড়ান্ত কৰিছে উচ্চতম ন্যায়ালয়ে । কিন্তু শেহতীয়া ভাৱে চৰকাৰখনে যি সমূহ ব্যৱস্থা লৈছে সেই সমূহ ব্যৱস্থাই বিদেশী সকলক দুগুন উৎসাহিত কৰিব, এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ । ইপিনে যি সকলৰ নাম পূৰ্বতে প্ৰকাশ হোৱা এনআৰচিত অন্তৰ্ভুক্ত নাছিল সেই সকলে ৭১ চনৰ আগৰ বৈধ নথিপত্ৰ ন্যায়াধীকৰণত জমা দিয়াৰ বাবে ৬০ দিনৰ পৰিৱৰ্তে চৰকাৰে ১২০ দিন কৰাটো বিৰোধিতা কৰিছে ছাত্ৰ সন্থাই । লগতে এনআৰচিত নাম নথকা সকলৰ ক্ষেত্ৰত চৰকাৰে আইনী ভাবে সাহাৰ্য প্ৰদান কৰা বুলি লোৱা সিদ্ধান্ততো বিৰোধ কৰিছে ছাত্ৰ সন্থাই । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এনে সমূহ ঘোষণাৰ ফলত বিদেশীয়ে অধিক উৎসাহিত হ'ব বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

অবৈধ বিদেশীক উৎসাহিত নকৰিবলৈ আহ্বান সমুজ্জল ভট্টাচাৰ্যৰ

আনহাতে ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে এনআৰচি সন্দৰ্ভত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে যি ধৰণে নিৰ্দেশ দিয়ে তেনে ধৰণে নিৰ্দেশ পালন কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে সীমা সুৰক্ষা বাহিনীৰ উত্তৰ-পূৱৰ ইন্সপেক্টৰ জেনেৰেল পিয়ুছ মৰদিয়াই ।

ABOUT THE AUTHOR

...view details