অসম

assam

ETV Bharat / state

কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ - মন্দিৰ

কাইলৈৰ পৰা ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ দৰ্শণ কৰিবলৈ পাৰিব দৰ্শনাৰ্থী সকলে ৷ ইতিমধ্যে সংবাদমেলে যোগে সাংবাদিকৰ আগত মন্তব্য কৰে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ৷

North Guwahati Doulgobinda Tample  Re open twomorow
কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ

By

Published : Aug 31, 2020, 5:20 PM IST

কামৰূপ,30 আগষ্টঃ সমগ্ৰ বিশ্বতেই কৰ'ণা মহামাৰীৰ বাবে মহাতংকৰ সৃষ্টি হৈছিল ৷ অসমতো এতিয়ালৈকে ইয়াৰ প্ৰভাৱ বিৰাজমান হৈ আছে ৷ ইতিমধ্যে দীৰ্ঘ দিন ধৰি চৰকাৰ প্ৰশাসনে সকলো মঠ-মন্দিৰ, গীৰ্জা, মছজিদৰ লগতে সকলো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে ৷

কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ

ইফালে কেন্দ্ৰীয় চৰকাৰে আনলক্ - 4 ঘোষণা কৰি কিছু-কিছু দিশত লক্ ডাউন শিঠিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ সেই নিয়ম অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে লক্ ডাউনৰ সকলো নিয়ম নীতি মানি ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব বুলি ঘোষণা কৰে ৷

ইফালে চৰকাৰ প্ৰশাসনে ঘোষণা কৰাৰ পিছতেই উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ এখন সভা অনুষ্ঠিত হয় ৷ আৰু উক্ত সভাত লক ডাউনৰ সকলো নিয়ম নীতি মানি মঙলবাৰৰ পৰা পুনৰ মন্দিৰৰ দুৱাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইফালে ভক্ত সকলে ক'ৰণা ভাইৰাছৰ নিয়ম মানি ভক্তই কৰিব পাৰিব সেৱা-প্ৰাৰ্থনা । ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৫ বজালৈ ভক্ত সকলে মন্দিৰ দৰ্শন কৰিব পাৰিব । ভক্তসকলে মাস্ক পৰিধান আৰু ছেনিটাইজাৰ কৰিহে মন্দিৰ প্ৰবেশ কৰিব পাৰিব বুলি পৰিচালনা সমিতিয়ে জনাইছে ।

লগতে পঢ়ক- অহা ৫ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ত্ৰিপুৰা-বাংলাদেশ আভ্যন্তৰীণ জলপথৰ যাতায়াত

ABOUT THE AUTHOR

...view details