বাইহাটা, ২৪ ফেব্ৰুৱাৰী: মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত বিজেপিক প্ৰত্যাহ্বান জনালে কংগ্ৰেছে । বিজেপিক ভ্ৰষ্টাচাৰী আখ্যা দি সমষ্টিটোৰ পৰা বিজেপিক পুলিয়ে-পোখাই উভালিব বুলি হুংকাৰ দিলে কংগ্ৰেছ নেতা আয়েজৰ ৰহমানে । লগতে গেৰুৱা দলটোৱে দৰিদ্ৰ ৰাইজৰ তেজ শুহিছে বুলি কৈ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে কংগ্ৰেছ নেতা আয়েজৰ ৰহমানে এই মন্তব্য কৰে ।
মূল্যবৃদ্ধিৰ প্ৰতিবাদত জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ - জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ
পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত জালুকবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে । কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযানৰ অংশ হিচাপে বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ পৰা বিজেপিৰ ভেঁটি উচ্ছেদ কৰাৰ হুংকাৰ দিলে কংগ্ৰেছ নেতা আয়েজৰ ৰহমানে ।
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযান অব্যাহত আছে । বুধবাৰে জালুকবাৰীতো এই অভিযানৰ অংশ স্বৰূপে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছ নেতা আয়েজৰ ৰহমানৰ নেতৃত্বত জয়গুৰু পেট্ৰ'ল পাম্পৰ সন্মুখত পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।
তেওঁলোকে কয় যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ'লৰ মূল্য ৩০ টকা । কিন্তু ৩০ টকাৰ পেট্ৰ'ল ৯০ টকাত ক্ৰয় কৰিবলগীয়া হৈছে । অৰ্থাৎ বিজেপি চৰকাৰক দিব লাগে ৬০ টকা কৰ । কংগ্ৰেছে এই দিনৰ ওৰ পেলাব বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা আয়েজৰ ৰহমানে । একালৰ কংগ্ৰেছৰ সতীৰ্থৰ সমষ্টিত প্ৰতিবাদ সাব্যস্ত কৰি পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী জনায় কংগ্ৰেছ কৰ্মীসকলে । লগতে ২০২১ত পুনৰ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলিও দাবী কৰে কংগ্ৰেছ নেতা আয়েজৰ ৰহমানে ।
লগতে পঢ়ক:ধিঙত শিক্ষকৰ দ্বাৰা ধৰ্ষণৰ বলি শিক্ষয়িত্ৰী