অসম

assam

ETV Bharat / state

উত্তৰ পূবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বন্ধ হোৱাৰ পথত - ৰজাদুৱাৰ

বন্ধ হৈ যাব নেকি 1969 চনতে অসম চৰকাৰৰ দ্বাৰা স্থাপন কৰা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত উত্তৰ পূব ভাৰতৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ?

উত্তৰ পূবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বন্ধ হোৱাৰ পথত

By

Published : Aug 1, 2019, 9:16 PM IST

কামৰূপ, 1 আগষ্টঃ বন্ধ হোৱাৰ পথত উত্তৰ পূব ভাৰতৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ৷ 1969 চনত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অসম চৰকাৰৰ দ্বাৰা স্থাপন কৰা একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় খনে আগ্ৰা বিশ্ব বিদ্যালয়ৰ পৰা স্বীকৃতি লাভ কৰিছিল ৷ সমান্তৰালভাৱে 2005 চনতে NCT ৰ স্বীকৃতিৰ বাবে আবেদন কৰা হৈছিল ৷ কিন্তু 2007 চনত NCT ৰ দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি পৰ্যাপ্ত শিক্ষক আৰু প্ৰয়োজনীয় শ্ৰেণী কোঠাৰ অভাৱ দেখুৱাই সেই সময়ত স্বীকৃতি সম্ভৱ নহ'ব বুলি মন্তব্য আগবঢ়াইছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2012 চনত প্ৰয়োজনীয় গৃহ নিমাৰ্ণৰ কাম সম্পূৰ্ণ হৈছিল আৰু 2017 চনত মহাবিদ্যালয়খনে NCT ৰ স্বীকৃতিৰ বাবে প্ৰয়োজনীয় সংখ্যক শিক্ষকৰ পদো পূৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু ইমানৰ পাছতো বৰ্তমানলৈকে মহাবিদ্যালয় খনে NCT ৰ তৰফৰ পৰা কোনো ধৰণৰ স্বীকৃতি লাভ কৰা নাই ৷ আনহাতে আন্ত:গাঁথনি আৰু শৈক্ষিক মানদণ্ড উন্নত কৰাৰ আগ্ৰা বিশ্ব বিদ্যালয়ে মহাবিদ্যালয় খনলৈ বিভিন্ন সময়ত প্ৰস্তাৱ আগবঢ়াই আহিছিল যদিও এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ অধ্যক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ উল্লেখযোগ্য যে, সোণালী জয়ন্তী গৰকা হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনত প্ৰথম আৰু দ্বিতীয় বৰ্ষত বৰ্তমানেও 29 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ আছে ৷ গতিকে এনে প্ৰেক্ষাপটত চৰম অনিশ্চয়তাত সোমাই পৰা মহাবিদ্যালয় খনৰ ক্ষেত্ৰত অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব নিশ্চিতভাৱে লক্ষণীয় ৷

উত্তৰ পূবৰ একমাত্ৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বন্ধ হোৱাৰ পথত

ABOUT THE AUTHOR

...view details