বকো, 14 জুন : অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত আজিকোপতি নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগাত পৰিছে লাম্পীবাসীয়ে ৷ প্ৰায় 20 বছৰ পূৰ্বে লাম্পীবাসীৰ সুবিধাৰ্থে বকোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু কোটি টকা ব্যয় কৰি স্থাপন কৰিছিল এটি প্ৰকল্প ৷ কিন্তু পৰিতাপৰ বিষয় যে, কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পানীৰ প্ৰকল্পৰ পৰা কিন্তু বৰ্তমান পৰ্যন্ত অঞ্চলবাসীয়ে নাপালে এটোপালো বিশুদ্ধ পানী ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷
ইফালে বকোৰ এই কোটিটকীয়া প্ৰকল্প এতিয়া পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷ জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে বিশুদ্ধ খোৱাপানীৰ এই প্ৰকল্পটো ৷ একপ্ৰকাৰে অসম চৰকাৰৰ অৱহেলাৰ বলি হৈছে এই লোকসকল ৷