অসম

assam

ETV Bharat / state

ৰঙিয়াৰ ধুহিত নিখিল ভাৰত কৃষক সভাৰ সন্মিলন - অসম ৰাজ্যিক কৃষক সভা

দেওবাৰে ৰঙিয়াৰ ধুহিত দিনজোৰা কাৰ্যসূচীৰে ২৫ সংখ্যক নিখিল ভাৰত কৃষক সভাৰ সন্মিলন অনুষ্ঠিত হয় (Nikhil Bharat Krishak Sabha in Rangia) । সভাত উপস্থিত থাকি সম্পাদক বিৰেণ শৰ্মাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত দেশৰ কৃষক তথা সৰ্বসাধাৰণ ৰাইজ অভাৱনীয় সংকটৰ কবলত পৰিছে ।

Nikhil Bharat Krishak Sabha at Dhuhi in Rangia
ৰঙিয়াৰ ধুহিত নিখিল ভাৰত কৃষক সভাৰ সন্মিলন

By

Published : Oct 9, 2022, 10:12 PM IST

ৰঙিয়া, 9 অক্টোবৰ: দেওবাৰে ৰঙিয়াৰ ধুহিত দিনজোৰা কাৰ্যসূচীৰে ২৫ সংখ্যক নিখিল ভাৰত কৃষক সভাৰ সন্মিলন অনুষ্ঠিত হয় (Nikhil Bharat Krishak Sabha in Rangia) । অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাস, উপ সভাপতি কৰুণা কলিতা, নিখিল ভাৰত কৃষক সভাৰ কামৰূপ জিলাৰ সভাপতি আবুল হুছেইন, সম্পাদক বিৰেণ শৰ্মা, ৰাজ্যিক নেতা কৰুণা ভূঞাৰ লগতে কেইবা শতাধিক কৰ্মীয়ে ।

পুৱাৰ ভাগত পতাকা উত্তোলন কৰে কৃষক নেতা শৰৎ কলিতাই । সভাত উপস্থিত থাকি সম্পাদক বিৰেণ শৰ্মাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত দেশৰ কৃষক তথা সৰ্বসাধাৰণ ৰাইজ অভাৱনীয় সংকটৰ কবলত পৰিছে । কেন্দ্ৰীয় চৰকাৰে কৃষকবিৰোধী তিনিখন আইন প্ৰণয়ন কৰি কৃষিক কৃষকৰ হাতৰ পৰা কাঢ়ি নি বৃহৎ বণিক শ্ৰেণীৰ হাতত অৰ্পণ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও উল্লেখ কৰে ৷

এই ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদী আন্দোলন গঢ়ি তুলি নিখিল ভাৰত কৃষক সভাই আন আন কৃষক সংগঠনৰ লগত জোট বন্ধন কৰি দেশৰ কৃষক সমাজক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰে (Nikhil Bharat Krishak Sabha protest) । ইয়াৰ পিছতো কিন্তু কৃষক ৰাইজ ভয়মুক্ত হ'ব পৰা নাই বুলিও মন্তব্য কৰে সম্পাদক বিৰেণ শৰ্মাই ৷

ৰঙিয়াৰ ধুহিত নিখিল ভাৰত কৃষক সভাৰ সন্মিলন

কেন্দ্ৰীয় চৰকাৰে নিত্য-নতুন কৌশলেৰে সাধাৰণ কৃষকৰ অধিকাৰ হৰণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে বুলি অভিযোগো উত্থাপন কৰি স্বাধীনতা অৰ্জন কৰা ৭৫ বছৰ পিছতো কৃষকৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে সম্পাদকগৰাকীয়ে ৷ ৰাজ্যৰ কৃষক সমাজ বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱা বাবে অসম চৰকাৰে ন্যূনতম সমৰ্থন মূল্য (MSP) ৰ জৰিয়তে ধান ক্ৰয়ৰ (Paddy Procurement System) বাবে যি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়াও প্ৰহসনতহে পৰিণত হ'ল বুলিও উল্লেখ কৰে সম্পাদকগৰাকীয়ে ৷

ইয়াৰ লগতে বানপীড়িত, খৰাংপীড়িত কৃষকসকল আজি পৰ্যন্ত চৰকাৰী সহায়-সহযোগিতাৰ পৰা বঞ্চিত হৈ আছে । কৃত্ৰিম সাৰৰ নাটনি, জলসিঞ্চনৰ পয়ালগা অৱস্থা আৰু সকলো সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে কৃষক ৰাইজক জুৰুলা কৰিছে । এনে পৰিস্থিতিত নিখিল ভাৰত কৃষক সভাৰ ২৫ সংখ্যক কামৰূপ জিলা সন্মিলনখন অনুষ্ঠিত কৰিব লগা হ’ল বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক:কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

ABOUT THE AUTHOR

...view details