অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ বন্যাৰ্তৰ কাষত ৰেকিবুদ্দিন আহমেদ আৰু কুদ্ৰত - ছয়গাঁও

ছয়গাঁৱৰ চৰাঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰত খাদ্য সংকটত ভূগিবলগীয়া হৈছে বন্যাৰ্তই ৷ তাৰ মাজতে শনিবাৰে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰচেষ্টাত কুদ্ৰত নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই বৰ্নাত্যৰ মাজত খাদী-সামগ্ৰী বিতৰণ কৰি বানপীড়িতসকলক দিয়ে কিছু সকাহ ৷

ছয়গাঁৱৰ বন্যাৰ্তৰ কাষত কুদ্ৰত

By

Published : Jul 21, 2019, 10:25 AM IST

ছয়গাঁও, 21 জুলাই : ৰাজ্যত বৰ্তমানেও উন্নতি ঘটা নাই বান পৰিস্থিতিৰ ৷ বানাক্ৰান্ত লোকসকলে বৰ্তমান ভুগিছে তীব্ৰ খাদ্য সংকটত ৷ সমান্তৰালভাৱে ছয়গাঁও সমষ্টিৰ নৈপৰীয়া তথা চৰাঞ্চলত বসবাস কৰা লোকসকলে আশ্ৰয় শিবিৰত আজি পৰ্যন্ত ভুগিবলগীয়া হৈছে তীব্ৰ খাদ্য সংকটত ৷ বিগত কেইবাদিনো ধৰি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বানপীড়িত লোকৰ খা-খবৰ লোৱাৰ লগতে শনিবাৰে বিধায়কগৰাকীৰ নেতৃত্বত বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হয় কুদ্ৰত নামৰ এটি বেচৰকাৰী সংস্থা ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে গুমী নগৰবেৰা মথাউৰিত আশ্ৰয় লৈ থকা লোক সকলক মমবাতি,চাউল ,চিৰা,বিস্কুট আদি সাহায্য আগবঢ়ায় ৷

ছয়গাঁৱৰ বন্যাৰ্তৰ কাষত কুদ্ৰত


বন্যাৰ্তক সহায়ৰ হাত আগবঢ়ায় বিধায়কগৰাকীৰ অভিযোগমতে বানাক্ৰান্তৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্য সামগ্ৰী পৰ্যাপ্ত নহয় ৷ বান সাহায্য বিতৰণৰ নামত একাংশ লোকে গাঁওবুঢ়াৰ লগত লগ লাগি অনিয়ম সংঘটিত কৰা বুলিও অভিযোগ কৰে তেওঁ ৷

ABOUT THE AUTHOR

...view details