অসম

assam

By

Published : Oct 5, 2020, 2:13 PM IST

ETV Bharat / state

নতুন দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰেঃ ভুৱনেশ্বৰ কলিতা

সোমবাৰে নতুন আঞ্চলিক দল সম্পৰ্কে মন্তব্য আগবঢ়াই ভুৱনেশ্বৰ কলিতাই লগতে কয় যে এটা নতুন ৰাজনৈতিক দল ঘোষণা হোৱাৰ লগে লগে ই নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাৰ মাজত সোমাই পৰে ৷ গতিকে সময়তহে ক'ব পৰা যাব যে নতুন দলকেইটা কেনেদৰে তিষ্ঠি থাকে ৷

New regional party can't harm BJP: Ex MP Bhubaneswar Klita
নতুন দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰেঃ ভুৱনেশ্বৰ কলিতা

ৰঙিয়া, 5 অক্টোবৰ :"নতুনকৈ গঠন হোৱা দলসমূহৰ মাজত আৱেগৰ ভোট বিভাজন হ'ব ৷ সম্পূৰ্ণ পৃথক নীতিৰে গঠিত পৃথক ভেটিৰ বিজেপি দলৰ ওপৰত নতুন আঞ্চলিক দলসমূহে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে ৷ শক্তিশালী বিজেপিয়ে পুনৰাই ৰাজপাটত দখল কৰিব "৷ এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা বৰ্তমানৰ বিজেপি নেতা ভুৱনেশ্বৰ কলিতাৰ ৷ সোমবাৰে নতুন আঞ্চলিক দল সম্পৰ্কে মন্তব্য আগবঢ়াই ভুৱনেশ্বৰ কলিতাই লগতে কয় যে এটা নতুন ৰাজনৈতিক দল ঘোষণা হোৱাৰ লগে লগে ই নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাৰ মাজত সোমাই পৰে ৷ গতিকে সময়তহে ক'ব পৰা যাব যে নতুন দলকেইটা কেনেদৰে তিষ্ঠি থাকে ৷

নতুন দলে বিজেপিৰ ক্ষতি কৰিব নোৱাৰেঃ ভুৱনেশ্বৰ কলিতা

আনহাতে "কা" সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে ইস্তাহাৰত বিজেপিয়ে শাসনত আহিলে 'কা' আইনখন প্ৰণয়ন কৰিব বুলি কৈছিল ৷ গতিকে ৰাইজে নিৰ্বাচনত বিজেপি দলক জয় কৰাইছে মানে ৰাইজে আইনখনৰ প্ৰতি সমৰ্থন জনাইছে ৷

লগতে পঢ়কঃকামপুৰত অব্যাহত বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details