ৰঙিয়া, 19 আগষ্ট : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম ৷ ছাত্ৰগৰাকীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যাৰে লিখি অভিলেখ গঢ়িছে ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হোৱা ছাত্ৰগৰাকী ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰীৰ ধনজিৎ মল্ল বৰুৱা ৷
উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ধনজিৎ মল্ল বৰুৱাই লক ডাউনৰ সময়ত ঘৰতে আৱদ্ধ হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু প্ৰতিবাৰেই মুখ ঠেকেচা খাইছিল যদিও মনোবল নেহেৰুৱাই চেষ্টা অব্যাহত ৰাখিছিল ধনজিতে । অৱশেষত চাৰিবাৰৰ অন্ততঃ এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি উলিওৱা বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে ধনজিত ।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম ইয়াৰ পূৰ্বে চেন্নাইৰ এগৰাকী যুৱতীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ৬৯ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছিল । কিন্তু সেই যুৱতীগৰাকীকো চেৰ পেলাই ধনজিতে এক মিনিটত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰে ধনজিৎ মল্ল বৰুৱাক । অনাগত দিনত গিণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিব ছাত্ৰজনে । ধনজিতৰ এই কৃতিত্বক লৈ এতিয়া সমগ্ৰ ৰঙিয়াত আনন্দৰ লহৰ বৈছে ।
লগতে পঢ়ক :পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া