ৰঙিয়াত সাংসদ দিলীপ শইকীয়া ৰঙিয়া, 7 আগষ্ট :"ক’ভিডৰ পাছত ভাৰতত প্ৰয় 17 খন ৰে’ল বন্ধ হৈছে ৷ বৰ্তমান পৰ্যায়ক্ৰমে সেই ৰে’ল সমূহ পুনৰ আৰম্ভ কৰা হৈছে ৷ ক’ভিডৰ পাছত অসমতো যিকেইখন ৰে’ল বন্ধ হৈ আছিল সেইকেইখনো পৰ্যায়ক্ৰমে পুনৰ আৰম্ভ কৰা হ’ব ৷ লগতে কিছু ষ্টেশ্যনো বন্ধ হৈ আছিল, সেই সমূহো লাহে লাহে খোলা আৰম্ভ কৰিছে ৷" এই মন্তব্য লোকসভাৰ সাংসদ তথা বিজেপিৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ৷
ৰঙিয়াৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই ৰাজধানী এক্সপ্ৰেছ ৰঙিয়াত ৰখোৱা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে ৰঙিয়া জংচনত দীৰ্ঘদিন ধৰি প্ৰতিখন ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ দাবী জনাই আহিছে ৰঙিয়াবাসীয়ে ৷ কিয়নো ৰঙিয়াত আছে ৰে’লৱে সংমণ্ডলৰ কাৰ্যালয়, সেনাৰ ডিভিজন আৰু এছ এছ বিৰ চেক্টৰ হেডকোৱাৰ্টাৰ ৷ লগতে আছে মহকুমাধিপতিৰ কাৰ্যালয়ো ৷
এই ৰঙিয়াৰ পৰাই ৰে’ল যোগাযোগ সংলগ্ন হৈ আছে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সৈতে ৷ নামনি অসমৰো কেইবাখনো জিলাৰ জনসাধাৰণে ৰঙিয়া জংচনৰ যোগেদি বহিঃ ৰাজ্যলৈ যাতায়ত কৰি আহিছে ৷ সেয়ে ৰঙিয়াত উজনিমুৱা আৰু নামনিমুৱা প্ৰতিখন ৰাজধানী এক্সপ্ৰেছ ৰখাবলৈ দাবী জনাই আহিছে ৰাইজে ৷
অসম ৰে’ল যাত্ৰী সংস্থায়ো ৰাজধানী এক্সপ্ৰেছ ৰঙিয়া জংচনত ৰখাৰ দাবী জনাই আহিছে দীৰ্ঘদিনৰ পৰা ৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ লগতে ক'ভিডৰ সময়ত বন্ধ হৈ থকা বিভিন্ন স্থানীয় ৰে’ল পুনৰ চলাচল কৰা সম্পৰ্কে মন্তব্য কৰি মঙলদৈ সমষ্টিৰ সাংসদ গৰাকীয়ে কয় যে, ইতিমধ্যে বহুকেইখন ট্ৰেইন চলিবলৈ আৰম্ভ কৰিছেই ৷ বাকী ৰে’ল সমূহো কিছু দিনৰ পিছত পৰ্যায়ক্ৰমে পুনৰ চলাচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
লগতে পঢ়ক :Gyanvapi complex: পৱিত্ৰ শাওণ মাহৰ সোমবাৰ হেতু জ্ঞানবাপীৰ এএছআই জৰীপত আজি কিছু বিলম্ব