বকো, 31 মে’: কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি পাইছে বানৰ সংহাৰী ৰূপ ৷ শেহতীয়াভাৱে ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ লগতে চুবুৰীয়া মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে একপ্ৰকাৰ তাণ্ডৱ সৃ্ষ্টি কৰিছে ৷ ফলত বানৰ কবলত পৰিছে বিস্তৃত কৃষিভূমি ৷
ৰাজ্যৰ অন্যান্য অংশৰ দৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ কৃষি প্ৰধান অঞ্চলতো সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি ৷ বছৰৰ প্ৰথমটো বানে ডুবাই পেলাইছে সমষ্টিটোৰ হাজাৰ হাজাৰ হেক্টৰ ইৰিধানৰ খেতিপথাৰ ৷ ইয়াৰ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি ৷ এনে পৰিস্থিতিৰ মাজতে বকোৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি কৃষক ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷ বিধায়িকাগৰাকীয়ে যন্ত্ৰচালিত নাৱেৰে চৰকাৰী বিষয়া-কৰ্মচাৰী সহিতে ছমৰীয়া ৰাজহ চক্ৰৰ এলেকানাধীন প্ৰায় কুৰিখন বানাক্ৰান্ত ৰাজহ গাঁও পৰিভ্ৰমণ কৰে ৷