অসম

assam

ETV Bharat / state

CM vigilance raid: মুখ্যমন্ত্ৰীৰ বিপক্ষে কিবা এষাৰ ক’লেই চি এম ভিজিলেন্স লগাই দিয়া হয় ; কমলাক্ষ দে’ পুৰকায়স্থ - মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ

বিধানসভাত মুখ্যমন্ত্ৰীৰ বিপক্ষে কিবা এষাৰ ক’লেই চি এম ভিজিলেন্স লগালে নহ’ব নহয়-কমলাক্ষ দে’ পুৰকায়স্থ ৷

Kamalakhya Dey Purkayastha
কমলাক্ষ দে’ পুৰকায়স্থই কি ক’লে শুনক

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 12:32 PM IST

কমলাক্ষ দে’ পুৰকায়স্থই কি ক’লে শুনক

ৰঙিয়া, 8 নৱেম্বৰ :মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিল কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ । ৰঙিয়াৰ এটা ৰাজহুৱা অনুষ্ঠানত উপস্থিত হৈ বিধায়কগৰাকীয়ে কয় যে বিধান সভাত বা আন স্থানত যদিহে কোনো লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিবা কয় তেতিয়াহ’লে সেই ব্যক্তিজনৰ বিৰুদ্ধে চি এম ভিজিলেন্স লগাই দিয়া হয় । ৰাজ্যখনৰ মূল বিষয়বোৰৰ পৰা আঁতৰি আহি এই চৰকাৰখনে কেৱল নিজৰ মইমতালিহে কৰিছে বুলি সমালোচনা কৰে ৷ তেওঁ কয়, নিতৌ দুশখনকৈ কয়লা গাড়ী বৰাক ভেলী পাৰ হৈ যায়, কিন্তু সেইবোৰ কথাত গুৰুত্ব নাই চৰকাৰৰ ৷

তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ কৰি লগতে কয় যে অসমত বহু ঠাইত অপ্ৰয়োজনীয়ভাৱে ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে আৰু এইবোৰ নিৰ্মাণৰ ঠিকা কোন ঠিকাদাৰে লাভ কৰিছে সেয়া সৰ্বজনবিদিত । তেওঁ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় যে যদিহে সাহস আছে মুখ্যমন্ত্ৰীয়ে বৰাকত দৈনিক চলাচল কৰা শতাধিক কয়লাৰ ট্ৰাকৰ ওপৰত ইডি, চি এম ভিজিলেন্স লগাওঁক । তেওঁ লগতে মন্তব্য কৰে যে বৰ্তমান কেইজনমান মন্ত্ৰী আৰু দুই এজন বিধায়কক লৈয়ে চৰকাৰ চলাই থকা ৰাজ্যখনত অসমত চৰকাৰেই বৃহৎ ছিণ্ডিকেট চলাই আছে । গতিকে এইখন চৰকাৰে দুৰ্নীতি মুক্ত চৰকাৰ, শূন্য সহনশীলতাৰ কথা কোৱাৰ অধিকাৰ নাই ।

আনহাতে বদৰুদ্দিন আজমলে শংকৰ সংঘৰ মঞ্চত উঠাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয় যে শংকৰ সংঘই বজৰুদ্দিন আজমলক নিমন্ত্ৰণ দিয়াকলৈ আপত্তি কৰিবলগীয়া একো নাই । কিন্তু বজৰুদ্দিন আজমলে সদায় সমাজখনক ভাগ ভাগ কৰিব বিচাৰি আহিছে । আৰম্ভণিৰ পৰাই তেওঁ ভোট বিভাজনৰ বাবে উগ্ৰ কথা কৈ বিষবাষ্প বিয়পাই আহিছে । গতিকে আজমলৰ ৰাজনীতিৰ পৰা সাৱধানে থকা উচিত ।

লগতে পঢ়ক :Kamalakhya Dey Purkayastha: চি এম ভিজিলেন্সৰ অভিযানক আদৰণি জনাই মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধেও তদন্তৰ আহ্বান

ABOUT THE AUTHOR

...view details